নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত ৫০ হাজাৰ ক’ভিড ৰোগীৰ অৱস্থা সংকটজনক

নিয়মীয়া বাৰ্তা, ১৪জুনঃ ক’ভিড–১৯ মহামাৰীত আক্রান্ত লোকৰ প্রায় ৫০ শতাংশই বিশ্বজুৰি আৰোগ্য লাভ কৰিছে যদিও মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত ৫০ সহস্রাধিক লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি সদৰী হৈছে কেইবাটাও আন্তর্জাতিক চিকিৎসা সংস্থাৰ তথ্যত৷ স্মর্তব্য যে ভাৰতত শেহতীয়াকৈ ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা অভাৱনীয় গতিত বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে গুৰুতৰভাৱে ক’ৰোনাত আক্রান্ত ১৬,৮২৭গৰাকী ৰোগী আছে আমেৰিকাত৷ এইক্ষেত্রত ভাৰত আছে দ্বিতীয় স্থানত৷ ভাৰতৰ ৮,৯৪৪গৰাকী ৰোগীৰ অৱস্থা সংকটজনক৷ ভাৰতৰ পিছতে ব্রাজিলত আছে এনে ৰোগী ৮,৩১৮গৰাকী৷ অর্থাৎ ক’ভিড–১৯ত অধিক লোক সংক্রমিত হ’লে ভাৰতৰ পৰিস্থিতি জটিল হোৱাৰ আশংকা আছে৷ দেশখনত প্রাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি দেশৰ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে সতর্কবাণী কৰিছে।

You might also like