বেলাৰুছৰ বিশেষভাৱে সক্ষম শিশুৰ আশ্রয়গৃহত আতংক
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯এ বেলাৰুছৰ শিশু নিৱাসবোৰলৈ কঢ়িয়াই আনিছে ভাবুকি৷ শেহতীয়াকৈ দেশখনৰ বিশেষভাৱে সক্ষম অনাথ শিশুসকলক ৰখা এক আশ্রয়গৃহত ক’ৰোনাই সৃষ্টি কৰিছে নতুন সংকট৷ ভেছন’ভাৰ এই নিৱাসটোত আছে ১৭৬টা শিশু আৰু কেইবাজনো বিশেষভাৱে সক্ষম তৰুণ৷ শেহতীয়াকৈ এই শিশু নিৱাসটোত ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে ২৩গৰাকী লোক৷
সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, নিৱাসটোৰ ১৩ শিশু আৰু ১০গৰাকী কর্মী ক’ৰোনাত আক্রান্ত হোৱাৰ লগে লগে বেলাৰুছ চৰকাৰক সহায়ৰ বাবে আবেদন জনোৱা হৈছে৷ এই শিশু নিৱাসটো চলি আছে আয়াৰলেণ্ডৰ দাতব্য প্রতিষ্ঠান চেৰন’বিল চিলড্রেন ইণ্টাৰনেচনেলৰ সাহায্যত৷ গতিকে মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগাবলৈ এতিয়া শিশু নিৱাসটোত প্রয়োজন হৈছে চিকিৎসা সাহায্যৰ৷ এয়া দাতব্য প্রতিষ্ঠানটোৰ বাবে সম্ভৱ হৈ উঠা নাই৷