নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত মৃত্যু হোৱা চিকিৎসক–নার্ছৰ সংখ্যা ৮০লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীত আক্রান্ত ব্রিটেইনৰ চিকিৎসক আৰু নার্ছসকলে ক’ৰোনা ৰোগীলৈ চিকিৎসা সেৱা আগনবঢ়োৱাৰ হুংকাৰ দিছে৷ চিকিৎসক তথা নার্ছসকলৰ জীৱন ৰক্ষাৰ বাবে প্রয়োজনীয় সামগ্রীৰ নাটনি হৈছে ব্রিটেইনত ৷ জীৱনদায়ী এই সুৰক্ষা সামগ্রীবোৰৰ নাটনিয়ে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে দেশখনত ৷ স্মর্তব্য যে এতিয়ালৈকে দেশখনত ক’ৰোনা ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা ৮০গৰাকী চিকিৎসক তথা নার্ছে প্রাণ হেৰুৱাবলগা হৈছে৷ গতিকে দেশখনৰ এই জটিল মুহূর্তত স্বাস্থ্যকর্মীসকলে নিজৰ জীৱন ৰক্ষা কৰিবলৈ ক’ৰোনা ৰোগীৰ চিকিৎসাৰ পৰা আঁতৰি থাকিব বুলি হুংকাৰ দিয়াৰ লগে লগে সৃষ্টি হৈছে নতুন আশংকা ৷ স্মর্তব্য যে তুৰস্কৰ পৰা চাৰি লাখ স্বাস্থ্যকর্মীয়ে পৰিধান কৰিবলগা পোছাক এতিয়াও ব্রিটেইন আহি পোৱা নাই৷ গতিকে হাস্পতালবোৰত চিকিৎসকসকলে তীব্র ক্ষোভ প্রকাশ কৰিছে ৷

You might also like