নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ খাদ্য সংকটৰ কবলত উত্তৰ কোৰিয়া

নিয়মীয়া বাৰ্তা, ১০ জুনঃ প্রতিৱেশী দুই ৰাষ্ট্র দক্ষিণ আৰু উত্তৰ কোৰিয়াৰ মাজত সম্পর্কৰ অৱনতি ঘটাৰ সময়তে ৰাষ্ট্রসংঘৰ এগৰাকী বিষয়ববীয়াই শেহতীয়াকৈ উল্লেখ কৰিছে যে ভয়াৱহ দুর্ভিক্ষৰ দিশে গৈ আছে উত্তৰ কোৰিয়া৷ লক্ষণীয়ভাৱে এদিন পূর্বে উত্তৰ কোৰিয়াৰ দক্ষিণৰ সৈতে থকা সকলো সম্পর্ক ছেদ কৰিছে৷ এই ঘটনাত পিছমুহূর্ততে মানৱ অধিকাৰৰ ক্ষেত্রত থকা ৰাষ্ট্রসংঘৰ বিশেষ প্রতিবেদক টমাছ অ’জি কুইণ্টানাই সদৰী কৰিছে যে উত্তৰ কোৰিয়াত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে অর্ধাহাৰী–নাহাৰী লোকৰ সংখ্যা৷ কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনৰ বৃহৎসংখ্যক পৰিয়ালে দিনত দুসাঁজহে খাবলৈ পায়৷ কিছুসংখ্যক পৰিয়ালে মাকৈ মূল খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে৷ ক’ভিড–১৯ প্রতিৰোধৰ বাবে বন্ধু ৰাষ্ট্র চীনৰ সৈতে থকা সীমান্ত পথ বন্ধ কৰি থোৱাৰ ফলত উত্তৰ কোৰিয়াৰ অভ্যন্তৰত অভাৱনীয়ভাৱে খাদ্য সংকট বৃদ্ধি পোৱা বুলিও কুইণ্টানাই উল্লেখ কৰিছে৷ দেশখনত তাৎক্ষণিকভাৱে ১০ নিযুত লোকক মানৱীয় সাহায্য প্রদান কৰাৰ প্রয়োজন আছে বুলিও ৰাষ্ট্রসংঘৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷

You might also like