ভৱিষ্যতে পৃথিৱীত মানুহৰ জীৱনকাল ৫০০ বছৰলৈ বৃদ্ধি পাব
নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ বিশ্বজুৰি মানুহৰ গড় আয়ু হ’ব ৫০০ বছৰ ৷ শেহতীয়াকৈ বিজ্ঞান–প্রযুক্তিৰ গৱেষণা আৰম্ভ হৈছে৷ গুগল কোম্পানীৰ স্রষ্টা আমেৰিকান ব্যৱসায়ী বিল মৰিছে মন্তব্য কৰিছে যে আৰু মাত্র কেইটামান বছৰ পাছতেই মানুহ কেনেদৰে ৫০০ বছৰ পর্যন্ত জীয়াই থাকিব পাৰে তাৰ পথ বিচাৰি পোৱা যাব৷ এই পৃথিৱীৰ চৰম সত্যটো হৈছে সকলো প্রাণীৰে মৃত্যু হয়৷ কিন্তু মানুহে অন্য প্রাণীতকৈ দীর্ঘদিন জীয়াই থাকিবলৈ সক্ষম হৈছে৷ মাত্র ডেৰশ বছৰ পূর্বে মানুহৰ গড় আয়ু আছিল ৪০ৰ পৰা ৭২ বছৰ৷ এতিয়া ৮০ৰ পৰা ১০০ বছৰ পর্যন্ত মানুহৰ আয়ু বৃদ্ধি পাইছে৷ মানুহে বিজ্ঞান আৰু প্রযুক্তিৰ জৰিয়তেই ইয়াক সম্ভৱ কৰি তুলিছে৷ গতিকে ভৱিষ্যতে এই পৃথিৱীত সু–স্বাস্থ্যৰে দীর্ঘদিনলৈ জীৱন যাপন কৰাৰ পথ মানুহেই আৱিষ্কাৰ কৰিব৷ কেইবছৰমানৰ ভিতৰতে মানুহৰ গড় আয়ু ডেৰশৰ পৰা ২০০ বছৰ হ’ব৷ ইয়াৰ পাছত জীৱনকাল ক্রমান্বয়ে বৃদ্ধি পাই থাকিব৷ অদূৰ ভৱিষ্যতে প্রত্যাশিত জীৱনকাল ৫০০ বছৰ পর্যন্ত হ’ব বুলি মৰিছে দাবী কৰিছে৷ ইতিমধ্যে গুগলে এই বিষয়ত আৰম্ভ কৰিছে গৱেষণা৷ কেলিকো নামৰ কোম্পানী এটাত গুগলে এই গৱেষণাৰ বাবে ১৯ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে ৷ ২৫ বছৰৰ ভিতৰত কোম্পানীটোৱে এই গৱেষণাত লাভ কৰা সুফল বিশ্ববাসীৰ অৱগত হ’ব ৷