যুদ্ধবিৰতি ভংগ: যুদ্ধ ঘোষণা পাক তালিবানৰ
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: পাক প্রধানমন্ত্রী ইমৰান খানৰ দুঃসময়ৰ যেন অন্ত নপৰিব৷ এইবাৰ ইমৰান খান চৰকাৰৰ বিৰুদ্ধে কার্যতঃ যুদ্ধ ঘোষণা কৰিলে তেহৰিক–ই–তালিবান পাকিস্তান বা সংক্ষেপে টিটিপিয়ে৷ পাক তালিবানে চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ সন্ত্রাসবাদী সংগঠনটোৱে উল্লেখ কৰা অনুসৰি, যোৱা মাহত পাক চৰকাৰৰ সৈতে যি যুদ্ধবিৰতিৰ চুক্তি হৈছিল, সেয়া ভংগ কৰা হৈছে৷ পাক চৰকাৰে তালিবানৰ ১০২জন সদস্যক মুক্তিৰ আশ্বাস দিছিল যদিও সেয়া কার্যকৰী কৰা নাই৷ গতিকে, পাক চৰকাৰৰ সৈতে স্বাক্ষৰ কৰা যুদ্ধবিৰতিৰ চুক্তি উলংঘা কৰিছে তালিবানে৷
বিগত ১৪ বছৰ ধৰি পাকিস্তানী সেনা আৰু সাধাৰণ নাগৰিকৰ ওপৰত ধাৰাবাহিক আক্রমণ চলাই আহিছে পাক তালিবানে৷ ইয়াৰ ভিতৰত ২০১৪ চনত সামৰিক বিদ্যালয়ত সংঘটিত শিহৰণকাৰী আত্মঘাতী আক্রমণৰ ঘটনাও আছে৷ পেছোৱাৰৰ সামৰিক বিদ্যালয়ত পাক তালিবানে সংঘটিত কৰা নৰমেধত প্রাণহানি হৈছিল শিক্ষার্থী আৰু শিক্ষকসহ ১৫৪জনৰ৷ তালিবানৰ মুখপাত্র মহম্মদ খুৰছানিয়ে উল্লেখ কৰা অনুসৰি, ৯ নৱেম্বৰৰ পৰা শান্তি আলোচনাৰ বাবে যুদ্ধবিৰতি চুক্তি কার্যকৰী হৈছিল৷ কিন্তু এই যুদ্ধবিৰতিৰ সময়ত তালিবানৰ বিৰুদ্ধে পাক বাহিনীয়ে অভিযান তীব্র কৰি তোলে৷ গতিকে, একপক্ষীয় যুদ্ধবিৰতি সম্ভৱ নহয় বুলি পাক চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে টিটিপিয়ে৷