লক্ষাধিক কর্মচাৰীৰ দৰমহা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৱাল্ট ডিজনীয়ে
নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে বন্ধ হৈ থকা বিশ্বৰ ভিতৰতে সর্ববৃহৎ মনোৰঞ্জন সংস্থা ৱাল্ট ডিজনীয়ে চলিত সপ্তাহৰ পৰা লক্ষাধিক কর্মচাৰীক বেতন নিদিয়ে বুলি ঘোষণা কৰিছে ৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবেই গভীৰ সংকটৰ সন্মুখীন হৈছে বিশ্বৰ পর্যটন তথা মনোৰঞ্জন ক্ষেত্রসমূহ ৷ ৱাল্ট ডিজনীয়ে ইউৰোপ, আমেৰিকা আৰু এছিয়াত চলাই আছে মনোৰঞ্জন পার্ক আৰু হোটেল ৷ কিন্তু ক’ৰোনা মহামাৰীৰ বাবেই সংস্থাটোৰ সকলো পার্ক তথা হোটেল বন্ধ হৈ আছে ৷ গতিকে সংস্থাটোৱে ইয়াৰ প্রায় ৫০ শতাংশ কর্মচাৰীৰ বেতন বন্ধ কৰি এমাহত ৫০০ নিযুত ডলাৰ সঞ্চয় কৰাৰ সিদ্ধান্ত লৈছে ৷ ফাইনেন্সিয়েল টাইম্ছে এক প্রতিবেদনত এই তথ্য সদৰী কৰাৰ লগে লগে সংস্থাটোৰ কর্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ স্মর্তব্য যে ৱাল্ট ডিজনীয়ে ২০১৯ চনৰ অন্তিম তিনিটা মাহত পার্ক, হোটেল আৰু ইয়াৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্রীৰ পৰা উপার্জন কৰিছিল ১৪০ কোটি ডলাৰ৷ কিন্তু ক’ৰোনা মহামাৰীয়ে বিভিন্ন দেশলৈ বিপর্যয় কঢ়িয়াই অনাৰ লগে লগে বিশ্বৰ সর্ববৃহৎ মনোৰঞ্জন সংস্থাটো বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ৷ এতিয়া সংস্থাটোৰ এই ক্ষতিৰ বাবে বিপদৰ সন্মুখীন হৈছে ইয়াৰ কর্মচাৰীসকল ৷