নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদৰ অন্যতম দুৱাৰ তবলিগি জামাত নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ চুন্নী ইছলামিক সংগঠন তবলিগি জামাতক দেশখনত নিষিদ্ধ ঘোষণা কৰিছে ছৌদি আৰব চৰকাৰে৷ দেশখনৰ ইছলামিক পৰিক্রমা মন্ত্রালয়ে চুন্নী ইছলামিক সংগঠন তবলিগি জামাতক সন্ত্রাসবাদৰ অন্যতম দুৱাৰেই নহয়, সমাজৰ বিপজ্জনক আখ্যা দিছে৷ ইছলামিক পৰিক্রমা মন্ত্রালয়ৰ মন্ত্রী ড০ আব্দুলাটিফ অল শ্বেখে তবলিগি জামাতক নিষিদ্ধ ঘোষণা কৰি দেশখনৰ মছজিদৰ সকলো মৌলবী আৰু মছজিদ কর্তৃপক্ষক শুকুৰবাৰে নামাজৰ সময়ত তবলিগি জামাত সন্দর্ভত লোকসকলক অৱগত কৰাবলৈ নির্দেশ দিছে৷ মন্ত্রালয়ে দিয়া নির্দেশনাত মছজিদৰ মৌলবীসকলক তবলিগি জামাতৰ বিপজ্জনক স্থিতি আৰু চুন্নী ইছলামিক সংগঠনটোৰ ভুলসমূহ উদঙাই দিবলৈ স্পষ্ট নির্দেশ দিয়া আছে৷

তবলিগি জামাতে ইছলামধর্মী লোকক ভুল পথে পৰিচালিত কৰি থকা বুলি উল্লেখ কৰি সমাজৰ বাবে এই সংগঠনটো অতি বিপজ্জনক৷ যদিওবা সংগঠনটোৱে ইছলামিক লোকক তেওঁলোকৰ উদ্দেশ্যৰ বিষয়ে অন্য ধৰণে প্রকাশ কৰি ভুল পথে পৰিচালিত কৰি আছে৷ প্রকৃতার্থত জামাত হৈছে সন্ত্রাসবাদৰ অন্যতম দুৱাৰ৷ তবলিগি জামাতে কি কি ভুল কৰি আছে সেই সন্দর্ভতো নামাজৰ সময়তে ইছলামধর্মী লোকক স্পষ্টকৈ বুজাই দিবলৈ নির্দেশ দিছে৷ তদুপৰি নামাজৰ সময়ত যাতে তবলিগি জামাতৰ সদস্যই আহি মছজিদত অন্য লোকক ভুল দিশে পৰিচালিত কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখিবলৈ নির্দেশ দিয়া হৈছে৷

মন কৰিবলগীয়া যে চুন্নী ইছলামিক সংগঠন তবলিগি জামাতৰ বিশ্বৰ প্রায়বোৰ ইছলামিক দেশতে বৃহৎ সংগঠন আছে৷ এই সংগঠনবোৰৰ জৰিয়তে কট্টৰ ইছলামপন্থী সদস্য গঢ়ি তুলি পিছলৈ সেই সদস্যবোৰে সন্ত্রাসবাদত জড়িত হোৱাৰ অনেক উদাহৰণ আছে৷ সন্ত্রাসবাদৰ পৰা প্রায় মুক্ত ছৌদি আৰবত যাতে সন্ত্রাসবাদৰ স্থিতি শক্তিশালী হ’ব নোৱাৰে, তাৰ বাবে এনে কঠোৰ পদক্ষেপ চৰকাৰখনে গ্রহণ কৰিছে৷

You might also like