সমগ্র বিশ্বৰ বাবে প্রয়োজনীয় হৈ পৰিছে চীন: জিনপিং
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: তৃতীয়বাৰৰ বাবে চীনৰ কমিউনিষ্ট পার্টীৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হোৱাৰ পাছত ৰাষ্ট্রপতি ঝি জিনপিঙে নিজৰ ঘনিষ্ঠ নেতাসকলক দলৰ কেন্দ্রীয় কমিটীৰ গুৰুত্বপূর্ণ পদত অধিষ্ঠিত কৰাইছে৷ জিনপিঙৰ এই ক্ষমতা বৃদ্ধিৰ পাছত নেতাগৰাকীক মাও জে ডঙৰ সমকক্ষ হোৱা বুলি বিভিন্ন মহলে মন্তব্য কৰিছে৷ দেশখনৰ প্রথমগৰাকী বিপ্লৱী নেতাক মাওৰ অভিলেখ স্পর্শ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে কমিউনিষ্ট পার্টীৰ শীর্ষ নেতাৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে জিনপিঙে৷ আজি সংবাদ মাধ্যমৰ মুখামুখি হৈ জিনপিঙে মন্তব্য কৰিছে যে সমগ্র বিশ্বই এতিয়া চীনক বিচাৰিছে৷ সমগ্র বিশ্বৰ বাবে প্রয়োজনীয় হৈ পৰিছে চীন৷ বিশ্বৰ উন্নতি নহ’লে যেনেদৰে চীনৰ অগ্রগতি সম্ভৱ নহ’ব, সেইদৰে সমগ্র বিশ্বৰ উন্নতিৰ বাবে চীনক প্রয়োজন হ’ব বুলিও নিজ মন্তব্যৰ ব্যাখ্যা দিয়ে জিনপিঙে৷
স্মর্তব্য যে চীনৰ কমিউনিষ্ট পার্টী জিনপিঙক প্রভাৱৰ বাবে প্রথমবাৰৰ বাবে পলিটব্যুৰ’ত মহিলা নেত্রীক স্থান দিয়া নহ’ল বুলি আন্তর্জাতিক মহলত অভিযোগ উঠিছে৷ ২৫ বছৰ পাছত চীনৰ শাসকীয় দলৰ শীর্ষ সংগঠন পলিটব্যুৰ’ত কোনো মহিলাই স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷ লক্ষণীয়ভাৱে জিনপিং দেশখনৰ কমিউনিষ্ট পার্টীৰ পুনৰ শীর্ষ নেতাৰ দায়িত্বত আৰোহণ কৰাৰ লগে লগে উত্তৰ কোৰিয়া, পাকিস্তান আদি দেশে উষ্ম অভিনন্দন জনাইছে নেতাগৰাকীক৷