নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্রাটলৈ বন্দিত্বৰ পৰা মুক্তি বিচাৰি আবেদন বাছ্মাৰ

কাৰাগাৰত স্বাস্থ্যৰ অৱনতি ছৌদি ৰাজকুমাৰীৰ

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ কট্টৰ ইছলামিক ৰাষ্ট্র ছৌদি আৰবৰ ৰাজকুমাৰী এগৰাকীয়ে নিজৰ খুৰাক তথা সম্রাট ছলমানলৈ বন্দিত্বৰ পৰা মুক্তি বিচাৰি আবেদন জনাইছে৷ প্রভাৱশালী ৰাজকুমাৰী বাছ্মা বিণ্ট ছাউডে ছ’চিয়েল মিডিয়া টুইটাৰযোগে উল্লেখ কৰিছে যে তেওঁক ইচ্ছাকৃতভাৱে বিনা অপৰাধতে আল–হায়াৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে৷ বাছ্মান বিণ্ট ছাউডে নিজৰ স্বাস্থ্য ভাগি পৰা বুলি সম্রাট ছলমানক জনাইছে৷ ইফালে, একে সময়তে ৰাজকুমাৰীগৰাকীয়ে সম্রাটৰ পুত্র যুৱৰাজ মহম্মদ ছলমানক গোচৰটো পুনৰ পর্যালোচনা কৰিবলৈ আহ্বান জনাইছে৷ কোনো ভুল কৰা নাই বুলি উল্লেখ কৰি ৰাজকুমাৰীগৰাকীয়ে শীঘ্রে মুক্তি বিচাৰিছে যদিও ৰাজপৰিয়ালৰ তৰফৰ পৰা কোনোধৰণৰ গুৰুত্ব প্রদান কৰা হোৱা নাই৷ স্মর্তব্য যে ৫৬ বছৰীয়া ৰাজকুমাৰী বাছ্মা হৈছে প্রাক্তন সম্রাট ছাউডৰ কনিষ্ঠ দুহিতা৷ ১৯৫৩ৰ পৰা ১৯৬৪ চনলৈ সম্রাট ছাউডে শাসন কৰিছিল ছৌদি আৰবক ৷

You might also like