নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত দিনত ৪,৬৭৭ মাইল উৰণেৰে অভিলেখ

নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ এটা কুলি চৰায়ে মাত্র সাত দিনৰ ভিতৰত ৪ সহস্রাধিক মাইল দূৰত্ব উৰণেৰে পক্ষীকুলৰ মাজত নতুন অভিলেখ গঢ়িছে৷ উল্লেখনীয় যে কুলি হৈছে এবিধ পৰিভ্রমী পক্ষী৷ পশ্চিম আফ্রিকাৰ পৰা ব্রিটেইনলৈ কার্লটন–২ নামৰ এই দ্রুতবেগী কুলি চৰাইটোৱে সাত দিনৰ ভিতৰত অতিক্রম কৰে ৪,৬৭৭ মাইল৷ পশ্চিম আফ্রিকাৰ আইভ’ৰী কষ্টৰ পৰা পূব ইংলেণ্ডত উপস্থিত হ’বলৈ এই কুলি চৰাইটোক সময় লাগে মাত্র সাত দিন৷ স্মর্তব্য যে পশ্চিম আফ্রিকাৰ বিভিন্ন দেশৰ পৰা বছৰি ২–৩ সপ্তাহৰ ভিতৰত অসংখ্য কুলি ব্রিটেইনত উপস্থিত হয়৷ তিনিটা কুলিক লৈ ব্রিটেইনৰ পক্ষী গৱেষণা সংস্থা ব্রিটিছ ট্রাষ্ট অৱ অর্নিথ’লজী (বিটি’)য়ে চলাইছিল এক পৰীক্ষা৷ এই পৰীক্ষাত পিজে আৰু ছেনান নামৰ কুলি চৰাই দুটাক অতিক্রম কৰি কার্লটন–২এ সাত দিনৰ ভিতৰত ছাফ’কত উপস্থিত হয়৷ কার্লটন–২এ এতিয়ালৈকে ২২ হাজাৰ মাইল উৰণেৰেও অভিলেখ গঢ়িছে৷

You might also like