নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০৭ দিনৰ ভ্রমণ সামৰি অৱশেষত বন্দৰ চুলে ‘মেগনিফিকা’ই

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ হাণ্ড্রেড এণ্ড ছেভেণ্টিন ডেইজ টু চী দ্য ৱ’ল্ড, এ লাইফটাইম টু ৰিমেম্বাৰ ইট…৷ পৃথিৱীক চাবলৈ ১১৭ দিন, জীৱনভৰ মনত ৰাখিবলৈ– এম এছ চি মেগনিফিকাৰ এই ঘোষণাই ইউৰোপত এক মৃদু চাঞ্চল্য সৃষ্টি কৰিলে৷ নাগৰিকসকলৰ একাকী জীৱনলৈ কঢ়িয়াই অনিলে নতুন উত্তেজনা৷ এম এছ চি মেগনিফিকা নামৰ অত্যাধুনিক জাহাজখন সাজু হৈছে বিশ্ব ভ্রমণৰ বাবে৷

১১৭ দিনৰ সমুদ্র ভ্রমণ৷ ৪৩টা বন্দৰ, ২৩খন দেশ চুই যাব এই ভ্রমণসূচীয়ে৷ বিশাল সাগৰৰ বুকুত ১১৯টা নিশা কটোৱাৰ অভিজ্ঞতা দিব৷ এম এছ চি মেগনিফিকাৰ নতুন যাত্রাৰ কার্যসূচীয়ে হাজাৰ হাজাৰ লোকক লালায়িত কৰি তুলিলে৷ ইটোৰ পাছত সিটো বুকিং আৰম্ভ  হ’ল৷ তাতেই মেগনিফিকা নামৰ জাহাজখন নতুনকৈ সজাই–পৰাই তোলা হৈছে৷ ১৪০ বিলিয়ন ইউৰোৰ খৰচেৰে নির্মাণ কৰা হৈছে দুখন নতুন ৰেষুটৰেণ্ট৷ ২১৫টা নতুন কেবিন সাজু কৰি তোলা হৈছে৷ বেলকনি, বিশাল শ্বপিং এৰিয়া, ৱাটাৰ পার্ক, তিনিটাকৈ ছুইমিং পুলৰ বিশাল আয়োজনে বহুতকে আমন্ত্রণ জনালে৷

শেষ পর্যন্ত ১,৭৬০গৰাকী যাত্রীৰ বুকিং চূডান্ত হ’ল৷ যাত্রা আৰম্ভ কৰাৰ দিন চমু চাপি আহিল৷ জাহাজ মেলি দিয়া হ’ব ইটালীৰ জেন’ৱাৰ পৰা৷ যাত্রীসকল প্রধানকৈ ইটালী, জার্মানী আৰু ফ্রান্সৰ পৰাই আহিল৷ জেন’ৱা ইটালীৰ উত্তৰ–পশ্চিম প্রান্তত থকা লিগুৰিয়া প্রদেশৰ ৰাজধানী৷ ইটালীৰ সাগৰীয় বাণিজ্যৰ ৰাজধানী বুলিও ক’ব পাৰি৷ সকলো যাত্রী জাহাজত প্রৱেশ কৰাৰ পাছত নিজৰ কেবিনলৈ আহিল কেপ্ঢেইন ৰ’বার্টো লি’টা৷ তেওঁৰ নেতৃত্বতে ডেৰ সহস্রাধিক যাত্রীয়ে আগন্তুক ১১৭টা দিন সাগৰীয় পথেৰে পৰিভ্রমণ কৰিব ২৩খন দেশ৷ সুদক্ষ কেপ্ঢেইন ৰবার্টো লি’টা৷

সাগৰৰ গভীৰতা আৰু জাহাজৰ গতিত লগত তেওঁৰ আজন্ম সম্পর্ক৷ ইটালীৰ এখন বৃহৎ প্রদেশ চিচিলিত তেওঁৰ জন্ম৷ চিচিলি ভূমধ্য সাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ৷ এই দ্বীপৰে ৰিপ’ষ্ট’ নামৰ চহৰত এটা নাবিক পৰিয়ালত ৰবার্টোৰ জন্ম হৈছিল৷ দেউতাক–ককাক সকলো নাৱৰীয়া৷ যোৱা ৩২ বছৰত তেওঁ জাহাজত আছে৷ এজন অভিজ্ঞ কেপ্ঢেইন৷

গতিকে শংকাৰ কোনো কাৰণ নাই৷ জানুৱাৰীৰ ৫ তাৰিখে ইটালীৰ জেন’ৱাৰ পৰা আৰম্ভ হ’ল মেগনিফিকাৰ ৰোমাঞ্চকৰ যাত্রা৷ যাত্রীসকলৰ মাজত কোনো শংকা নাছিল৷ কিয়নো বিশ্ব স্বাস্থ্য সংস্থাই তেতিয়াও ক’ৰোনা ভাইৰাছৰ সংক্রমণক মহামাৰী আখ্যা দিয়া নাছিল৷ খবৰ এইটোৱে আছিল যে চীনৰ য়ুহান নামৰ চহৰখনত ৫৯জন লোক ন’ভেল ক’ৰোনাত আক্রান্ত হৈছে৷ কোনেও নভবা, কোনেও পূর্বানুমান কৰিব নোৱাৰা এক সময়ত সাগৰীয় পথেৰে আৰম্ভ হ’ল মেগনিফিকাৰ পৰিভ্রমণ৷ বিশ্বৰ এটা প্রান্তৰ পৰা যিমানেই জাহাজ আগবাঢ়িল, পৃথিৱীৰ আনটো প্রান্ত সিমান ত্বৰিৎ গতিৰে বন্ধ হৈ আহিবলৈ ধৰিলে৷

অনিশ্চয়তাৰ অটল আন্ধাৰত সোমাই পৰিল মেগনিফিকাৰ যাত্রীসকলৰ ভৱিষ্যৎ৷ পৰৱর্তী ১০৭টা দিন তেওঁলোক জাহাজতে থাকিল৷ অবিচলিত হৈ ৰ’ল কেপ্ঢেইন ৰবার্টো লি’টা৷ অৱশেষত যোৱা সোমবাৰে ফ্রান্সৰ এটা বন্দৰত সুকলমে উপস্থিত হ’ল জাহাজখন৷ এক শিহৰণকাৰী যাত্রা–আশংকা, অনিশ্চয়তা আৰু চৰম উত্তেজনাৰে ভৰা৷

You might also like