গাজা ষ্ট্রীপত ইজৰাইলৰ বোমাত নিহত ১৭৪
নিয়মীয়া বাৰ্তা ১৭ মেঃ ২০১৪ চনৰ পাছত ভয়াৱহ সংঘর্ষৰ সৃষ্টি হৈছে ইজৰাইল–পেলেষ্টাইনৰ্ মাজত৷ যোৱা সোমবাৰৰ পৰা জেৰুজালেমৰ আল–আস্কা মছজিদত ইজৰাইলী আৰক্ষী আৰু পেলেষ্টাইনী মূলৰ লোকসকলৰ মাজত সৃষ্টি হোৱা সংঘর্ষৰ পিছৰে পৰা উত্তপ্ত হৈ আছে গাজা ষ্ট্রীপ, জেৰুজালেম, তেল আভিব আদি অঞ্চলসমূহ৷ শেহতীয়াকৈ ইজৰাইলী আৰক্ষীয়ে দাবী কৰিছে যে পেলেষ্টাইনী বিদ্রোহী সংগঠন হামাছৰ ৰাজনৈতিক মুৰব্বীৰ বাসগৃহত কালি নিশা বোমাবর্ষণ কৰা হৈছে৷ য়াহায়া ছিনৱাৰ হৈছে গাজা ষ্ট্রীপত হামাছৰ মুৰব্বী৷ মুৰব্বীগৰাকীৰ বাসভৱনত চলোৱা বোমাবর্ষণ আৰু ক্ষেপণাস্ত্রৰ আঘাতত আজি কমপক্ষেও ২৬গৰাকী লোক নিহত হোৱা বুলি সদৰী কৰিছে ইজৰাইলী সেনাই৷ ইফালে হামাছ বিদ্রোহীয়ে আজি পুৱাৰে পৰা ইজৰাইলৰ বিভিন্ন অঞ্চলত ৰকেটেৰে আক্রমণ চলাই আছে৷
তাৎক্ষণিকভাৱে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে পৰিস্থিতিৰ অধিক অৱনতি ঘটিব নালাগে বুলি দাবী জনায় ইজৰাইল আৰু পেলেষ্টাইনক সংযত হ’বলৈ আহ্বান জনাইছে৷ আজি নিশাৰ ভাগলৈ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকো আহ্বান কৰা হৈছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহু আৰু পেলেষ্টাইনী নেতা মেহমুদ আব্বাছক শীঘ্রে পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ আহ্বান জনাইছে যদিও সংঘর্ষ অব্যাহত আছে৷ সংবাদ সংস্থা বিবিচিৰ প্রতিবেদন অনুসৰি এই বাতৰি যুগুতোৱাৰ পৰলৈ গাজা ষ্ট্রীপত কমপক্ষেও ১৭৪গৰাকী লোক নিহত হোৱাৰ উপৰি ১২০০ আহত হৈছে৷ নিহত লোকসকলৰ ভিতৰত আছে ৪৭ শিশু আৰু ২৯গৰাকী মহিলা৷