৯০ হাজাৰ কোটি ডলাৰৰ ক’ভিড সাহায্য পেকেজ
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ কেইবামাহো ধৰি চলা মতানৈক্যৰ পিছত আমেৰিকান সাংসদসকলে মহামাৰীৰ সাহায্য পেকেজত সহমত পোষণ কৰিছে৷ ৯০ হাজাৰ কোটি ডলাৰ সাহায্য পেকেজলৈ সন্মতি প্রকাশ কৰিছে দেশখনৰ সাংসদসকলে৷ এই বৃহৎ ধনৰাশিৰ সাহায্য পেকেজত আছে বিভিন্ন বাণিজ্যৰ ধন আৰু নিবনুৱা সমস্যা প্রতিৰোধৰ আঁচনি৷ আগন্তুক ৯ মাহৰ ভিতৰত চৰকাৰৰ বিভিন্ন আঁচনিত ব্যয় হ’বলগীয়া ধনৰ পৰিমাণ হ’ব ১.৪ লাখ কোটি ডলাৰ৷ অর্থাৎ যি সাহায্য পেকেজত অনুমোদন জনোৱা হৈছে, তাতকৈ বহু বেছি ধনৰ প্রয়োজন হ’ব দেশখনত ক’ভিড সংকটৰ মোকাবিলা কৰিবলৈ৷
চলিত মাহতে ক’ভিড–১৯ৰ মোকাবিলা কৰিবলৈ গ্রহণ কৰা বহু আঁচনিৰ সময়সীমা উকলি যাব৷ লক্ষণীয়ভাৱে আমেৰিকাত ১২ নিযুত লোকে নিবনুৱাই লাভ কৰা বিভিন্ন সা–সুবিধা লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ এই সাহায্য পেকেজৰ ওপৰত কংগ্রেছ আৰু ছিনেটত ভোট গ্রহণ কৰা হ’ব৷ হাউছ অৱ ৰিপ্রেজেণ্টেটিভত যিহেতু সাংসদসকলে সাহায্য পেকেজলৈ সন্মতি প্রদান কৰিছে, গতিকে ভোটদান প্রক্রিয়াত এয়া গৃহীত হোৱাৰ সম্ভাৱনা আছে৷ ভোটদান প্রক্রিয়াত গৃহীত হ’লে ইয়াক আইনত পৰিণত কৰিবলৈ প্রয়োজন হ’ব ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ স্বাক্ষৰো৷
স্মর্তব্য যে ক’ভিড মহামাৰীয়ে আমেৰিকাৰ অর্থনীতিত অভাৱনীয় বিপর্যয়ৰ সৃষ্টি কৰিছে৷ ইউৰোপীয় সংঘ আৰু আমেৰিকাই ক’ভিড সংকটৰ মোকাবিলা কৰাৰ বাবে দীর্ঘদিন ধৰি আলোচনা চলাই আছে যদিও আজিলৈকে এইক্ষেত্রত কোনোধৰণৰ ইতিবাচক সিদ্ধান্ত লোৱা হোৱা নাই৷