নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত পুনৰ মহিলাৰ উচ্চ শিক্ষা নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ তালিবান পূর্বৰ তালিবানেই হৈ আছে৷ অলপো সলনি হোৱা নাই কট্টৰ ইছলামিষ্ট গোট আফগান তালিবানৰ নীতি৷ যোৱা আগষ্ট মাহত আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছত তালিবানে পুনৰ অন্ধকাৰ নমাই আনে দেশখনলৈ৷ আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হয় দেশখনৰ মহিলাসকল৷ ক্ষমতালৈ আহিয়েই তালিবানে বন্ধ কৰি দিয়ে মহিলাৰ বাবে থকা সকলো স্কুল–কলেজ–বিশ্ববি৷

এই পৰিস্থিতিৰ অৱসান ঘটাব বুলি তালিবানে প্রতিশ্রুতি দিছে৷ কিন্তু ষষ্ঠ শ্রেণীলৈকেহে কিশোৰীৰ বাবে শিক্ষানুষ্ঠান মুকলি কৰি দিয়া হয়৷ ইয়াৰ ওপৰৰ শ্রেণীত যুৱতীৰ অধ্যয়ন বন্ধ কৰি ৰাখে তালিবানে৷

শেহতীয়াকৈ মঙলবাৰে মহিলাৰ স্কুল–কলেজবোৰ খোলা হ’ব বুলি ঘোষণা কৰিছিল যদিও আজি তালিবানে পুনৰ মহিলাৰ শিক্ষানুষ্ঠান খোলা নহ’ব বুলি নির্দেশনা জাৰি কৰে৷ কিন্তু ইয়াৰ অন্তৰালত কি কাৰণ আছে, তাক এতিয়াও প্রকাশ কৰা নাই তালিবান চৰকাৰে৷ জেহাদী চৰকাৰৰ মুখপাত্র ইনামুল্লা ছামানগানিয়ে উল্লেখ কৰা অনুসৰি মহিলাৰ শিক্ষানুষ্ঠান বন্ধ ৰখা সিদ্ধান্ত বাহাল থাকিব৷ কিন্তু তালিবানে এই সিদ্ধান্ত কিয় গ্রহণ কৰিলে সেই সন্দর্ভত মুখপাত্রগৰাকীয়ে সংবাদ মাধ্যমক কোনো তথ্য নজনালে৷

You might also like