আফগানিস্তান শাসন কৰিব তালিবানৰ ১২জনীয়া পৰিষদে
পৰিষদত স্থান লাভ প্রাক্তন ৰাষ্ট্রপতি হামিদ কাৰজাইৰ
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: কট্টৰ ইছলামপন্থী তালিবানে আফগানিস্তান পুনৰ দখল কৰাৰ পিছত দেশখনৰ ৰাজধানী কাবুলকে ধৰি বিভিন্ন চহৰত অস্থিৰতা অব্যাহত থকাৰ সময়তেই তালিবানে আজি ১২জনীয়া সদস্যৰ এক পৰিষদ গঠন কৰিছে৷ এই পৰিষদে শাসন কৰিব আফগানিস্তান৷
লক্ষণীয়ভাৱে এই পৰিষদত স্থান লাভ কৰিছে আফগানিস্তানৰ প্রাক্তন ৰাষ্ট্রপতি হামিড কাৰজাই, ৰাষ্ট্রীয় পুনৰ ঐক্যৰ বাবে থকা পৰিষদৰ মুৰব্বী আব্দুল্লা আব্দুল্লা আৰু তালিবানৰ সহপ্রতিষ্ঠাতা আব্দুল ঘানি বাৰাদৰে৷ লক্ষণীয়ভাৱে আফগানিস্তানৰ ভৱিষ্যত শাসকীয় পৰিষদত স্থান লাভ কৰা ৭গৰাকী সদস্যই ইতিমধ্যে এইক্ষেত্রত সহমত পোষণ কৰিছে৷ ৰুছ সংবাদ সংস্থা স্পুটনিকে সদৰী কৰিছে এই তথ্য৷ আফগানিস্তানৰ পৰা মার্কিন সেনাৰ প্রত্যাৱর্তনৰ পিছতে তালিবানৰ এই নতুন শাসকীয় পৰিষদে দেশখনৰ ক্ষমতাৰ দায়িত্ব গ্রহণ কৰিব বুলি ধাৰণা কৰা হৈছে৷
লক্ষণীয়ভাৱে তালিবানৰ শাসনত আফগানিস্তানৰ ৰাষ্ট্রপতি আব্দুল ঘানি বাৰাদৰ হ’ব বুলি পূর্বেই চর্চা চলিছিল যদিও দেশখনত কোনো ৰাষ্ট্রপতি বা এমিৰেট শাসক হিচাপে নাথাকিব বুলি কট্টৰ ইছলামপন্থী সংগঠনটোৰ এক সূত্রই সদৰী কৰিছে৷ পৰিষদত স্থান লাভ কৰা অন্য কেইগৰাকীমান সদস্য হৈছে তালিবানৰ প্রতিষ্ঠাতা মোল্লা ওমৰৰ পুত্র মোল্লা য়াকুব, খলিল–উৰ–ৰেহমান হাক্কানি, হানিফ আটমাৰ আৰু গুলবুদ্দিন হেক্মাটিয়াৰ৷ এই নতুন পৰিষদত আফগান নেচনেল আর্মী মার্চাল আব্দুল ৰছিদ দস্তুম আৰু বাল্খৰ প্রাক্তন গৱর্নৰ আট্টা মহম্মদ নুৰক ৰখাৰ চিন্তা–চর্চা চলোৱা হৈছে যদিও দুয়োগৰাকী নেতাই ইতিমধ্যে পৰিষদৰ সদস্য নহ’ব বুলি ঘোষণা কৰিছে৷
স্মর্তব্য যে ৰাজধানী কাবুল তালিবানৰ দখললৈ যোৱাৰ পিছতে আফগানিস্তানত নতুন চৰকাৰ এখন গঠনৰ প্রক্রিয়া চলাই আছে তালিবানে৷