নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ ক লৈ চীন–আমেৰিকাৰ যুঁজ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বজুৰি বিস্তাৰ লাভ কৰাৰ সময়ৰ পৰা চীন আৰু আমেৰিকাৰ বিভিন্ন ষড়যন্ত্রৰ তত্ত্ব অনলাইন প্লেটফর্মত বিয়পি পৰিছিল৷ আমেৰিকান অনলাইন প্লেটফর্মসমূহে এক মিছা দাবী কৰিছিল যে মাৰাত্মক ক’ৰোনা ভাইৰাছ হৈছে চীনৰ জৈৱিক অস্ত্র নির্মাণৰ এক অংশবিশেষ৷ ইফালে কানাডা আৰু চীনৰ গুপ্তচৰে য়ুহানলৈ ক’ৰোনা ভাইৰাছ বিয়পোৱা বুলি অভিযোগ উঠিছিল৷

শেহতীয়াকৈ এই ভাইৰাছবিধ চীনৰ য়ুহানৰ পৰীক্ষাগাৰত উদ্ভাৱন কৰা বুলি দাবী কৰি আহিছে আমেৰিকাকে ধৰি কেইবাখনো দেশে৷ লগে লগে আমেৰিকাৰ সেনাই য়ুহানলৈ ক’ৰোনা ভাইৰাছ বিয়পোৱা বুলি চীনে অভিযোগ কৰিছে৷ শেহতীয়াকৈ একাংশ বিশেষজ্ঞই ঘোষণা কৰিছে যে ক’ৰোনাক কেন্দ্র কৰি চীন আৰু আমেৰিকাই অনলাইন প্লেটফর্মত যি ষড়যন্ত্রৰ তত্ত্ব প্রচাৰ কৰিছে, তাৰ দ্বাৰা দুয়োখন দেশৰ বাণিজ্যিক প্রতিযোগিতা আৰম্ভ হৈছে৷

You might also like