নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত গাড়ী চলাই বিবাহ সম্পন্ন ভাৰতীয় দম্পতীৰ

নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ সংযুক্ত আৰব আমীৰশ্বাহী (ইউএই)ত ভাৰতীয় মূলৰ এক দম্পতীয়ে গাড়ী চলাই বিবাহপাশত আবদ্ধ হোৱা ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে ব্যাপক চর্চা৷ যদিও ইউএইৰ পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে চিহ্ণিত ডুবাই চহৰত ক’ভিড–১৯ৰ প্রট’কল মানি বিভিন্ন সামাজিক অনুষ্ঠান আয়োজন কৰিব পৰা যায়, তথাপি এই দম্পতীয়ে গাড়ী চলাই বিবাহপাশত আবদ্ধ হৈ এক নজিৰ সৃষ্টি কৰিছে৷

লক্ষণীয়ভাৱে বিয়ালৈ আমন্ত্রিত অতিথিসকলে কেবল গাড়ীৰ ভিতৰৰ পৰাহে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে৷ সামাজিক দূৰত্ব মানি এই বিবাহ আয়োজন কৰিছে মহম্মদ জাজেম আৰু আলমাছ আহমেদ নামৰ কেৰালাৰ দুই যুৱক–যুৱতীয়ে৷

খালিছ টাইমছৰ প্রতিবেদন অনুসৰি ডুবাইস্থিত বাসভৱনৰ পৰা বহু নিলগত জাজেম আৰু আলমাছৰ নিকাহ সম্পন্ন হৈছে৷ লক্ষণীয়ভাৱে দৰা–কইনা, পৰিয়ালৰ সদস্য আৰু বন্ধু–বান্ধৱে বিবাহস্থানত উপস্থিত নোহোৱাকৈ গাড়ীৰ পৰাই জ্ঞাপন কৰিছে শুভেচ্ছা৷ ডুবাইত এই বিয়াই এতিয়া খলকনি তুলিছে৷ ভাৰতীয় মূলৰ এই দম্পতীয়ে সামাজিক দূৰত্ব মানিবলৈ এই ধৰণে বিবাহ সম্পন্ন কৰা কার্যক অৱশ্যে বিভিন্ন মহলে আদৰণি জনাইছে৷

You might also like