নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানৰ গুলীচালনাৰ পিছতে যাত্রীৰ মাজত হাহাকাৰঃ কাবুল বিমানবন্দৰত পুনৰ ৭জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: আফিগানিস্তানৰ ৰাজধানী কাবুলৰ আন্তর্জাতিক বিমানবন্দৰত যাত্রীসকলৰ ওপৰত তালিবানে দেওবাৰে পুনৰ গুলীচালনা কৰে৷ এই গুলীচালনাৰ পিছতেই সৃষ্টি হোৱা আতংকময় পৰিৱেশত ঠেলা–হেঁচাত পদপিষ্ট হৈ ৭গৰাকী লোকৰ মৃত্যু হয়৷ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে সংবাদ মাধ্যমে৷

তালিবানে অৱশ্যে এই ঘটনা সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ বিগত এটা সপ্তাহ ধৰি কাবুল বিমানবন্দৰত অব্যাহত আছে অস্থিৰ পৰিস্থিতি৷ এতিয়ালৈকে বিমানবন্দৰত নিহত লোকৰ সংখ্যা ২০গৰাকীলৈ বৃদ্ধি পাইছে৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি দেওবাৰেপুৱাৰ ভাগতে বিমানত উঠি আফগানিস্তান ত্যাগ কৰাৰ বাবে বহু লোকে ভিৰ কৰে৷

তালিবান শাসনৰ পৰা পৰিত্রাণ পাবলৈ এইদৰে দেশ ত্যাগ কৰাৰ চেষ্টা চলোৱা লোকসকলৰ ওপৰত তালিবানে গুলী চলোৱা বুলি স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰিছে৷ লক্ষণীয়ভাৱে এই গুলীচালনাৰ ঘটনাৰ ঘটনাৰ পিছতে পৰিস্থিতি অধিক জটিল হৈ পৰে৷ সংবাদ সংস্থা বি বি চিৰ প্রতিবেদন অনুসৰি তালিবানে অধিক নৈৰাজ্য আৰম্ভ কৰিছে কাবুলত৷

You might also like