নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সত মাজ আকাশত দুখন বিমানৰ সংঘর্ষ নিহত ৫জন

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ফ্রান্সৰ দক্ষিণ–পূব প্রান্তৰ চহৰ ল’চেছত মাজ আকাশত দুখন বিমান সংঘর্ষত পতিত হোৱাৰ ফলত ৫জন লোক নিহত হৈছে৷ দুয়োখন সৰু বিমান মাজ আকাশতে সংঘর্ষত পতিত হয় যদিও বিমান দুখন অগ্ণিপিণ্ডসদৃশ হৈ পৰা সত্ত্বেও তলত কোনো লোক হতাহত হোৱা নাই৷ কালি সন্ধিয়া সংঘটিত হৈছে এই ভয়াৱহ দুর্ঘটনা৷ তাৎক্ষণিকভাৱে ৫০গৰাকী অগ্ণিনির্বাপক যোদ্ধাই ঘটনাস্থলীত গৈ উপস্থিত হয়৷ উল্লেখনীয় যে দুয়োখন বিমানেই আৱাসিক অঞ্চলত পৰিছে৷ ইয়াৰে এখন চহৰখনৰ এটা আৱাসৰ বাহিৰৰ প্রাচীৰৰ ওপৰত পৰাৰ বিপৰীতে অন্য এখন প্রায় ১০০ মিটাৰ নিলগত মুকলি ঠাইত পৰে৷

উল্লেখনীয় যে দুয়োখন বিমানতে আছিল মুঠ ৫গৰাকী যাত্রী৷ এই ৫গৰাকীয়েই আছিল পর্যটক৷ স্থানীয় চৰকাৰী বিষয়া নাদিয়া ছেইয়াৰে সংবাদ সংস্থা এ এফ পিক জনোৱা অনুসৰি দুয়োখন বিমান আকাশমার্গত একেটা দিশেৰে আহি থকা অৱস্থাতে এই দুর্ঘটনা সংঘটিত হৈছে৷ লক্ষণীয়ভাৱে এই দুর্ঘটনাৰ পিছত কেইবাটাও সংস্থাই আৰম্ভ কৰিছে তদন্ত৷ লিয়নৰ এগৰাকী জৰুৰী সেৱা বিভাগৰ বিষয়াই সদৰী কৰা অনুসৰি দুর্ঘটনাৰ পিছতে সাধাৰণ লোকৰ প্রৱেশ বন্ধ কৰি দিয়া হৈছে অঞ্চলটোত৷

স্মর্তব্য যে ফ্রান্সৰ বিভিন্ন চহৰত পর্যটকসকলে সৰু বিমান লৈ সঘনে অৱসৰ বিনোদনৰ বাবে বিভিন্ন চহৰলৈ যাত্রা কৰে৷ দুয়োখন বিমানৰ যাত্রীকেইজনে এই উদ্দেশ্যেৰে সমীপৱর্তী চহৰলৈ যাত্রা কৰিছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে৷

You might also like