আমেৰিকাৰ কোষাগাৰ বাণিজ্য বিভাগত চাইবাৰ আক্রমণ
নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ আমেৰিকাৰ কোষাগাৰ আৰু বাণিজ্য বিভাগৰ ওপৰত অচিনাক্ত হেকাৰে চাইবাৰ আক্রমণ চলাইছে৷ ইয়াৰ পিছতে দেশখনৰ সকলো অসামৰিক সংস্থাক ছ’লাৰউইণ্ডছ অ’ৰিয়নৰ সৈতে যোগাযোগ ছেদ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ছ’লাৰউইণ্ডছ অ’ৰিয়ন হৈছে এক কম্পিউটাৰ নেটৱর্ক টুল৷
আমেৰিকা চৰকাৰৰ চাইবাৰ নিৰাপত্তাৰ দায়িত্বত থকা কোম্পানী ফাইয়াৰ আয়ে উল্লেখ কৰা অনুসৰি যোৱা সপ্তাহত ইয়াৰ নিজস্ব টুল চুৰি হোৱাৰ পিছতে সৃষ্টি হৈছে সমস্যা৷ উত্তৰ আমেৰিকা, ইউৰোপ, এছিয়া আৰু মধ্য প্রাচ্যৰ চৰকাৰী প্রযুক্তি তথা টেলিকম সংস্থাসমূহ বিগত সময়ছোৱাত হেকাৰৰ চাইবাৰ আক্রমণৰ সন্মুখীন হৈছে৷
লক্ষণীয়ভাৱে এই ঘটনাত ৰাছিয়াৰ হেকাৰ জড়িত থকা বুলি আমেৰিকাই সন্দেহ কৰিছে যদিও তাৎক্ষণিকভাৱে ক্রেমলিন প্রশাসনে এই অভিযোগ অগ্রাহ্য কৰিছে৷