নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ ছাত্রলৈ মৃত্যুদণ্ডৰ ৰায় বাংলাদেশৰ ফাষ্ট ট্রেক আদালতৰ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: একেলগে ২২জন ছাত্রক ফাঁচী দিব লাগে বুলি ৰায়দান কৰিছে বাংলাদেশৰ এখন আদালতে৷ বাংলাদেশ ইউনিভাৰচিটী অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’ল’জীৰ এই শিক্ষার্থীসকলক আদালতখনে ফাঁচীৰ ৰায় শুনোৱাৰ লগে লগে দেশখনত সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ সহপাঠী এক তৰুণক হত্যাৰ গোচৰত আদালতখনে দোষী সাব্যস্ত কৰিছে ২০জন শিক্ষার্থীক৷ শিক্ষার্থীসকলৰ ভিতৰত শাসক দল আৱামী লীগৰ সহযোগী সংগঠন ছাত্র লীগৰ নেতা–কর্মীও আছে৷

স্মর্তব্য যে দুবছৰ পূর্বে শিক্ষানুষ্ঠানখনৰ এজন ছাত্রৰ হত্যাকাণ্ডক লৈ বাংলাদেশত সৃষ্টি হৈছিল অস্থিৰতা৷ আবৰাৰ ফাহাদ নামৰ ইলেকট্রিক তথা ইলেক্ট্র’নিক্ছ ইঞ্জিনীয়াৰিঙৰ দ্বিতীয় বর্ষৰ মেধাৱী ছাত্রজনক ২০১৯ চনৰ ৬ অক্টোবৰত হত্যা কৰা হৈছিল৷ এই হত্যাকাণ্ডৰ ঘটনাৰ পিছতে সমগ্র দেশখনত সৃষ্টি হৈছিল প্রতিক্রিয়া৷ উল্লেখনীয় যে ছাত্রাৱাসত মুমূর্ষু অৱস্থাত পেলাই থোৱা হৈছিল ফাহাদক৷ ছাত্রাৱাসৰ ছিৰিতেই শেষ নিশ্বাস ত্যাগ কৰিছিল ফাহাদে৷

You might also like