ইকুৱেট’ৰিয়েল গিনিৰ সেনাঘাটিত বিস্ফোৰণত নিহত ৩১ , আহত ৪২০
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ মধ্য আফ্রিকান ৰাষ্ট্র ইকুৱেট’ৰিয়েল গিনিৰ বাটা চহৰত সংঘটিত এলানি বিস্ফোৰণত কমপক্ষেও ৩১গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ৪২০গৰাকী আহত হৈছে৷ কালি নিশা সংঘটিত হৈছে এই ভয়াৱহ বিস্ফোৰণ৷ চহৰখনৰ এক সামৰিক ঘাটিত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি সংবাদ সংস্থা বি বি চিয়ে সদৰী কৰিছে৷
চৰকাৰী সূত্রই সদৰী কৰা অনুসৰি সেনা ঘাটিৰ সমীপতে কৃষকে জ্বলোৱা শস্যক্ষেত্রৰ আৱর্জনাৰ জুই গৈ ঘাটিটোত মজুত হৈ থকা ডিনামাইটৰ ভাণ্ডাৰত স্পর্শ কৰে৷ ইয়াৰ লগে লগে ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়৷ এই বিস্ফোৰণৰ সময়ত স্থানীয় বাসিন্দাসকলে যেনি–তেনি দৌৰিবলৈ লয় যদিও জুইত আক্রান্ত হয়৷
তাৎক্ষণিকভাৱে স্থানীয় টেলিভিছন চেনেল টিভি জিই–এ বিস্ফোৰণত আহত লোকসকলৰ বাবে ৰক্তদান কৰিবলৈ সকলো লোকক আহ্বান জনাইছে৷ বিস্ফোৰণত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে৷