নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ বিৰুদ্ধে সৰৱ ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন

নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ  ধর্মীয় সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে অকথ্য নির্যাতন চলাই থকা পাকিস্তানে আন্তর্জাতিক মঞ্চত বিভিন্ন সময়ত সমালোচিত হোৱাৰ পিছত এইবাৰ ব্রিটিছ চৰকাৰৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে৷ ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে কালি সংসদৰ অধিৱেশনত উল্লেখ কৰিছে যে পাকিস্তানে দেশখনৰ নাগৰিকসকলক মৌলিক অধিকাৰ প্রদান কৰিব লাগিব৷

দেশখনৰ নাগৰিকসকলৰ মৌলিক অধিকাৰ নিশ্চিত কৰা বুলি পাকিস্তানে আন্তর্জাতিক সম্প্রদায়ক পতিয়ন যাব পৰাকৈ তথ্য দিয়া উচিত বুলি উল্লেখ কৰিছে জনছনে৷ সংসদত ইমৰান আহমাদ খান নামৰ প্রতিনিধি এগৰাকীয়ে পাকিস্তানত চৰকাৰে চলাই থকা সংখ্যালঘুবিৰোধী নির্যাতন সন্দর্ভত ব্রিটেইনৰ স্থিতি কি সন্দর্ভত উত্থাপিত এক প্রশ্ণৰ উত্তৰত এই কথা উল্লেখ কৰে জনছনে৷ পাকিস্তানত সঘনে মানৱ অধিকাৰ উলংঘন হোৱা বুলি কেইবাটাও আন্তর্জাতিক সংস্থাই অভিযোগ কৰি আহিছে৷

দেশখনত সংখ্যালঘু লোকৰ বিৰুদ্ধে বলপূর্বক ধর্মান্তৰ, অপহৰণ, সংখ্যালঘু সম্প্রদায়ৰ যুৱতীক অপহৰণ কৰি বিবাহ সম্পন্ন কৰা আদি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে৷ এই পৰিপ্রেক্ষিতত ব্রিটিছ প্রধানমন্ত্রীগৰাকীয় পাকিস্তানত নাগৰিকসকলৰ মৌলিক অধিকাৰ সুৰক্ষিত হৈছে নে নাই তাৰ তথ্য বিচাৰিছে৷

You might also like