বাইডেন প্রশাসনৰে প্রথম বৈঠকত ক্ষুব্ধ চীন
নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ বাইডেন প্রশাসন আৰু চীনৰ শীর্ষ বিষয়ববীয়াৰ প্রথমটো উচ্চ পর্যায়ৰ বৈঠকতে বিষয়ববীয়াসকলৰ মাজত আজি তীব্র মতানৈক্যৰ সৃষ্টি হয়৷ দুয়োখন দেশৰ বিষয়ববীয়াসকলে পৰস্পৰৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়ায়৷ উল্লেখনীয় যে আলাস্কাত অনুষ্ঠিত হৈছে হোৱাইট হাউছ আৰু বেইজিং প্রশাসনৰ প্রথমটো বৈঠক৷ চীনা বিষয়ববীয়াসকলে অভিযোগ কৰে যে আমেৰিকাই বেইজিং প্রশাসনৰ বিৰুদ্ধে অন্য দেশক প্রৰোচিত কৰি আহিছে৷
ইফালে আমেৰিকাই চীনৰ এই অভিযোগক ভুৱা আখ্যা দিছে৷ মার্কিন বিষয়ববীয়াসকলে চীনৰ এনে অভিযোগ ভিত্তিহীন বুলিও আলোচনাৰ মেজত সজোৰে ঘোষণা কৰে৷ উল্লেখনীয় যে বিগত কেইবাবছৰো ধৰি বিশ্বৰ দুয়োখন পৰাক্রমী ৰাষ্ট্রৰ মাজত সম্পর্ক বিঘ্ণিত হৈ আছে৷ উইঘোঁৰ মুছলমান সম্প্রদায়ৰ বিৰুদ্ধে ঝিনজিয়াঙত চীনে চলাই থকা আতিশয্যৰ বিষয়টোও আজিৰ বৈঠকত উত্থাপন কৰে আমেৰিকাই৷
স্মর্তব্য যে এই আলোচনাত আমেৰিকাৰ বিদেশ সচিব এণ্টনী ব্লিংকেন আৰু ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে অংশগ্রহণ কৰাৰ বিপৰীতে চীনৰ জ্যেষ্ঠ বৈদেশিক নীতি নির্ধাৰক বিষয়া য়াং জিচি আৰু বিদেশ মন্ত্রী ৱাং য়িৱে অংশগ্রহণ কৰে৷ প্রায় দুঘণ্টা ধৰি চলা এই ৰুদ্ধদ্বাৰ বৈঠকে পৰৱর্তী সময়ত আলোচনাৰ পথ সুগম কৰিব বুলি হোৱাইট হাউছে আশা কৰিছে৷