নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংক নোটত মাৰাডোনাৰ ছবি ৰখাৰ দাবী

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ আর্জেণ্টাইন কিংবদন্তি ফুটবলাৰ ডিয়েগ’ মাৰাডোনাৰ প্রতিকৃতি দেশখনৰ বেংক নোটত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে এগৰাকী ছিনেটৰে৷ মাত্র কেইদিনমান পূর্বে জীৱনাৱসান ঘটা ফুটবলৰ ৰাজপুত্রৰ শোকত আজিও ম্রিয়মাণ আর্জেণ্টিনাবাসী৷

উল্লেখনীয় যে ডিয়েগ’ আৰমাণ্ডো মাৰাডোনাৰ প্রায় একক প্রচেষ্টাৰে আর্জেণ্টিনাই ১৯৮৬ চনত বিশ্বকাপ ফুটবলৰ চেম্পিয়নৰ খিতাপ দখল কৰিছিল৷ ৬০ বছৰ বয়সত দুসপ্তাহ পূর্বে মাৰাডোনাৰ দেহাৱসান ঘটিছে৷ দেশখনৰ ছিনেটৰ নর্মা ডুৰানগোৱে কংগ্রেছত এক বিধেয়ক দাখিল কৰিছে৷ এই বিধেয়কৰ জৰিয়তে দেশখনৰ ১০০০ পেছ’ৰ বেংক নোটত মাৰাডোনাৰ ছবি ৰখাৰ প্রস্তাৱ আগবঢ়াইছে৷

স্মর্তব্য যে দেশখনৰ ১০০ পেছ’ৰ বেংক নোটেই হৈছে আটাইতকৈ মূল্যমানৰ নোট৷ মেক্সিকোত ১৯৮৬ত অনুষ্ঠিত ফুটবল খেলত ইংলেণ্ডৰ বিৰুদ্ধে মাৰাডোনাই দ্বিতীয়টো গ’ল কৰাৰ মুহূর্তৰ ছবি বেংক নোটত ৰাখিবলৈ দাবী জনাইছে ছিনেটৰগৰাকীয়ে৷ স্মর্তব্য যে এই গ’লটোক ফুটবল বিশেষজ্ঞসকলে শতিকাৰ শ্রেষ্ঠ গ’ল আখ্যা দিছে৷

You might also like