নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থাই মিছামাছৰ বজাৰত ক’ভিড–১৯ৰ সংক্রমণৰ সংহাৰ

নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ  থাইলেণ্ডৰ এক মিছামাছৰ বজাৰত ক’ভিড–১৯ৰ দ্রুত সংক্রমণ আৰম্ভ হোৱাৰ লগে লগে দেশখনৰ স্বাস্থ্য বিভাগে ক’ৰোনা টেষ্ট ক্ষিপ্রতৰ কৰি তুলিছে৷ দেশখনৰ দক্ষিণ–পশ্চিম প্রান্তৰ ছামুট ছাখনত মাত্র দুদিন পূর্বে ক’ভিডত আক্রান্ত হৈছিল চাৰিগৰাকী লোক৷ কিন্তু দুদিন পিছতে অঞ্চলটোত আক্রান্ত হৈছে ৬৮৯গৰাকী লোক৷

জনস্বাস্থ্য মন্ত্রালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি এই অঞ্চলটো হৈছে সামুদ্রিক খাদ্য তথা মিছামাছৰ বৃহৎ বজাৰৰ বাবে জনাজাত৷ অঞ্চলটোত আছে কেইবাহাজাৰো প্রব্রজিত শ্রমিক৷ লক্ষণীয়ভাৱে প্রতিদিনে অঞ্চলটোত ৪০ হাজাৰকৈ লোকৰ ক’ভিড পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে থাইলেণ্ডৰ স্বাস্থ্য বিভাগে৷ পূর্বে থাইলেণ্ডত মাত্র ৫ হাজাৰ লোক ক’ভিডত আক্রান্ত হৈছিল৷ এতিয়া দেশখনত ভাইৰাছবিধে সংহাৰ সৃষ্টি কৰিব বুলি আশংকা কৰিছে চৰকাৰে৷

You might also like