নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাবুলত চীন–তালিবানৰ প্রথম কূটনৈতিক বৈঠক

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: আফগানিস্তান দখল কৰা তালিবানৰ সৈতে চীনে প্রথমখন কূটনৈতিক বৈঠকত অংশ ল’লে৷ অর্থাৎ বিশ্বৰ প্রথমখন দেশ হিচাপে চীনে নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানৰ সৈতে সম্পর্ক স্থাপন কৰিলে৷

যোৱা ১৫ আগষ্টত তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে বন্ধুত্বমূলক সম্পর্ক গঢ়িম বুলি ঘোষণা কৰা চীনে বুধবাৰে তালিবানৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকত তালিবান আৰু চীনে নিৰৱচ্ছিন্ন আৰু প্রভাৱশালী যোগাযোগ আৰু পৰামর্শৰ ওপৰত গুৰুত্ব দিয়ে৷

চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ৱাং ওৱেনবিনে তালিবানৰ সৈতে হোৱা প্রথমখন কূটনৈতিক বৈঠক সম্পর্কত বিবৃতিযোগে প্রকাশ কৰে৷ এই বৈঠকত তালিবানৰ ৰাজনৈতিক কার্যালয়ৰ উপ–মুৰব্বী আব্দুল চালাম হানাফি আৰু আফগানিস্তানত চীনৰ ৰাষ্ট্রদূত ৱাং য়ুৱে অংশ লয়৷

You might also like