নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পেইনৰ চিৰিয়াখানাত ক’ৰোনাত আক্রান্ত চাৰিটা সিংহ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ স্পেইনৰ বার্চিলোনা চহৰত থকা চিৰিয়াখানাত চাৰিটাকৈ সিংহ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ পশু চিকিৎসকসকলে কালি সদৰী কৰিছে এই তথ্য৷ চাৰিওটা সিংহৰ ভিতৰত তিনিটা হৈছে মাইকী৷ এই সিংহকেইটাৰ নাম ক্রমে জালা, নিমা, ৰান ৰান আৰু কিউম্বে৷ সিংহকেইটাৰ তদাৰকৰ দায়িত্বত থকা কর্মীয়ে প্রথম ক’ৰোনা ভাইৰাছৰ লক্ষণ ধৰা পেলাবলৈ সক্ষম হয়৷

উল্লেখনীয় যে চিৰিয়াখানাৰ কর্মীৰ পৰাই সিংহৰ দেহলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটা বুলি ধাৰণা কৰিছে চিকিৎসকসকলে৷ ইয়াৰ পূর্বে চিৰিয়াখানাৰ দুগৰাকী কর্মী ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ সিংহকেইটা কেনেদৰে ক’ভিড–১৯ত আক্রান্ত হ’ল সেই সন্দর্ভত ইতিমধ্যে চিৰিয়াখানা কর্তৃপক্ষৰ পৰা আৰম্ভ কৰা হৈছে তদন্ত৷

স্মর্তব্য যে ক’ভিডকালত প্রথমবাৰলৈ মহামাৰীত মানুহৰ পৰা বন্য পশুলৈ ভাইৰাছৰ সংক্রমণ ঘটিছে৷ এতিয়ালৈকে ইউৰোপত মানুহৰ পৰা বন্যপ্রাণীলৈ ক’ভিডৰ সংক্রমণ ঘটা কেইবাটাও ঘটনাৰ তথ্য পোহৰলৈ আহিছে৷

You might also like