চিনাক্ত কৰিবলৈ অতি জটিল নতুন ক’ৰোনাৰ প্রাদুর্ভাৱ ফ্রান্সত
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ চিনাক্ত কৰিবলৈ অতি জটিল নতুন ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ ঘটিছে ফ্রান্সত৷ বিগত বর্ষত চীনত প্রাদুর্ভাৱ ঘটা ন’ভেল ক’ৰোনা ভাইৰাছৰ সক্রিয়তা ক্রমান্বয়ে হ্রাস পাবলৈ ধৰাৰ সময়তে গ্রেট ব্রিটেইন, ব্রাজিল আৰু দক্ষিণ আফ্রিকাত নতুন প্রজাতিৰ ক’ৰোনা ভাইৰাছৰ ধৰা পৰিছে৷ ইয়াৰ পাছতেই ফ্রান্সত এনে এক নতুন ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ ঘটিছে, যিটো চিনাক্ত কৰিবলৈ অতিকে জটিল৷ ফ্রান্সৰ ব্রিটানি চহৰত এই নতুন ক’ৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰিছে৷
তাৎপর্যপূর্ণ যে এই ভাইৰাছটো নেজেল স্বাব পৰীক্ষণৰ দ্বাৰা চিনাক্ত কৰিব নোৱাৰি৷ ফ্রান্সৰ স্বাস্থ্য বিভাগৰ বিষয়াই প্রকাশ কৰা মতে ক’ৰোনা ভাইৰাছৰ সকলো লক্ষণ থকাৰ পিছতো আক্রান্তজনৰ পৰীক্ষণত নিগেটিভ ফলাফল ওলায়৷ লক্ষণবোৰ পজিটিভ হ’লেও পৰীক্ষাৰ ফলাফলত নিগেটিভ ওলায়৷ ফ্রান্সৰ স্বাস্থ্য বিভাগে এই আক্রান্ত ৰোগৰ জেনিটিক ছেম্পল পৰীক্ষণ কৰাৰ অন্তত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি ধৰা পৰে যদিও এই ভাইৰাছটো নতুন প্রজাতিৰ৷ ব্রিটানিত এনে ধৰণৰ ক’ৰোনা ভাইৰাছত আক্রান্ত সাতজনকৈ অধিক লোকক চিনাক্ত কৰা হৈছে৷ সম্প্রতি দেশখনত এনে নতুন প্রজাতিৰ ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাই আহিছে৷
মন কৰিবলগীয়া যে ফ্রান্সৰ এই নতুন ক’ৰোনা ভাইৰাছক লৈ ভাৰত শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি নইদাৰ এখন চিকিৎসালয়ৰ ডাঃ প্রখৰ গার্গে মত ব্যক্ত কৰিছে৷ তেওঁৰ মতে ভাৰতত ক’ৰোনা ভাইৰাছ পৰীক্ষণ নেজেল স্বাবৰ লগতে মুখৰ স্বাবো লোৱা হয়৷ এনে ক্ষেত্রত ভাইৰাছটোক চিনাক্ত কৰাত জটিলতা আহিব নালাগে৷