নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুছ ৰাষ্ট্রপতি পুটিনক সাক্ষাতৰ প্রস্তাৱ পোপ ফ্রান্সিছৰ

নিয়মীয়া বাৰ্তা, ৪ মেঃ ইউক্রেইনৰ ওপৰত ৰাছিয়াই সামৰিক অভিযান চলোৱাৰ পিছতো যুদ্ধ সমাপ্ত কৰিবলৈ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনক আহ্বান জনোৱা পোপ ফ্রান্সিছে এইবাৰ ৰাষ্ট্রপতি পুটিনক সাক্ষাতৰ প্রস্তাৱ আগবঢ়াইছে৷ ইটালিয়ান বাতৰিকাকতত প্রকাশ কৰা মতে পোপ ফ্রান্সিছে ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ যুদ্ধ সমাপ্ত কৰিবলৈ মস্কোলৈ গৈ ৰাষ্ট্রপতি পুটিনক সাক্ষাৎ কৰাৰ মন মেলিছে৷ পোপ ফ্রান্সিছে পুটিনক সাক্ষাৎ কৰিম বুলি ঘোষণা কৰাৰ পিছতো এতিয়ালৈকে ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে এই প্রস্তাৱ সন্দর্ভত কোনো ধৰণৰ প্রতিক্রিয়া ব্যক্ত কৰা নাই৷

You might also like