নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত মুদ্রাস্ফীতিৰ বাবে জগৰীয়া ইমৰান খান

নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ পাকিস্তানৰ ইমৰান খান নেতৃত্বাধীন তেহৰিক–ই–ইনছাফ (পিটিআই) চৰকাৰ দেশখনৰ মুদ্রাস্ফীতিৰ বাবে জগৰীয়া বুলি প্রায় ৫০ শতাংশ নাগৰিকে অনুভৱ কৰে৷ শেহতীয়াকৈ জি’ নিউজৰ প্রতিবেদনত সদৰী হৈছে এই তথ্য৷

জি’ নিউজে চলোৱা এক সমীক্ষা অনুসৰি সামগ্রীৰ মূল্যবৃদ্ধিয়ে পাকিস্তানৰ সকলো শ্রেণীৰ নাগৰিকক সমস্যাত পেলাইছে৷ লক্ষণীয়ভাৱে সমাজৰ পিছপৰা শ্রেণীসমূহ চৰকাৰৰ অদক্ষতাৰ বাবে সংকটৰ সন্মুখীন হোৱা বুলি এই সমীক্ষাত প্রকাশ পাইছে৷ যোৱা অক্টোবৰৰ ২৮ তাৰিখৰ পৰা ৪ নৱেম্বৰলৈ জি’ নিউজে দেশখনত চলাইছিল এই সমীক্ষা৷

সমীক্ষা অনুসৰি ৪৯ শতাংশতকৈ অধিক লোকে দেশখনত বর্তমানৰ ভয়াৱহ মুদ্রাস্ফীতিৰ বাবে ইমৰান খান চৰকাৰ জগৰীয়া বুলি ধাৰণা কৰে৷ সমীক্ষা অনুসৰি মাত্র ১৫ শতাংশ লোকেহে পূর্বৰ চৰকাৰৰ বাবে দেশখনত ভয়াৱহ মুদ্রাস্ফীতি ঘটা বুলি মন্তব্য কৰিছে৷ স্মর্তব্য যে ভয়ংকৰ অর্থনৈতিক সংকটত চলি আছে পাকিস্তান৷

You might also like