চীনত বিমান কর্মীয়ে পৰিধান কৰিব লাগিব ডাইপাৰ
নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ চীনত বিমানযাত্রীসকলক ক’ভিড–১৯ৰ সংক্রমণৰ পৰা পৰিত্রাণ দিয়াবলৈ দেশখনৰ অসামৰিক উৰণ প্রশাসনে নতুন নির্দেশনা জাৰি কৰিছে৷ এই নতুন নির্দেশনা অনুসৰি বিমানৰ কর্মীসকলে ক’ভিড–১৯ পৱন লক্ষ্যস্থানলৈ যোৱাৰ সময়ত বিশেষ বিমানত পৰিধান কৰিব লাগিব ডাইপাৰ৷ যাতে স্নানাগাৰলৈ বিমান কর্মীসকলে যাবলগীয়া নহয় তাৰবাবে এই ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ বিমানৰ স্নানাগাৰত ক’ভিড সংক্রমণৰ আশংকা কৰিয়েই এই নির্দেশনা উৰণ প্রতিষ্ঠানসমূহৰ বাবে জাৰি কৰিছে চৰকাৰে৷ যাত্রীসকলৰ ক্ষেত্রতো অনুৰূপ নির্দেশনা জাৰি কৰা হৈছে চীনত৷