নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাইজেৰিয়াত বকো হাৰামৰ জিম্মাৰ পৰা মুক্ত ৪২৮ শিক্ষার্থী

নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ আফ্রিকান ৰাষ্ট্র নাইজেৰিয়াৰ উত্তৰ–পশ্চিম প্রান্তৰ প্রদেশ কাটছিনাৰ পৰা অপহৰণ কৰা কেইবাশ স্কুলীয়া শিক্ষার্থীৰ ৪২৮জনক তিনি দিনৰ ভিতৰত মুক্ত কৰা হৈছে৷ উল্লেখনীয় যে এখন বর্ডিং স্কুলৰ পৰা এই শিক্ষার্থীসকলক অপহৰণ কৰিছিল ইছলামিষ্ট জেহাদী সংগঠন বকো হাৰামে৷ কাটছিনা প্রদেশৰ প্রশাসনে দুদিন পূর্বে সংবাদ সংস্থা বিবিচিক জনাইছে এই কথা৷ বকো হাৰামৰ কবলৰ পৰা মুক্ত হোৱা শিক্ষার্থীসকল সুকলমে থকা বুলিও প্রশাসনে এক বিবৃতিত সদৰী কৰিছে৷ ইফালে, আন শতাধিক শিক্ষার্থী বকো হাৰামৰ জিম্মাত থকা বুলি দেশখনৰ সংবাদ মাধ্যমে প্রকাশ কৰিছে৷

বকো হাৰামে মুক্তি দিয়া শিক্ষার্থীসকলৰ আটাইবোৰেই কিশোৰ বুলি বিবিচিৰ প্রতিবেদনত প্রকাশ পাইছে৷ লক্ষণীয়ভাৱে সন্ত্রাসবাদী সংগঠনটোৱে মুক্তি দিয়া শিক্ষার্থীসকলৰ এক ভিডি’ মুকলি কৰি দিছে সংবাদ মাধ্যমত৷ কাটছিনা প্রশাসনৰ মুখপাত্র এগৰাকীয়ে উল্লেখ কৰা অনুসৰি বকো হাৰামৰ পৰা মুক্ত হোৱাৰ পিছতে কিশোৰ শিক্ষার্থীসকলক ৰাজধানী চহৰলৈ প্রেৰণ কৰা হৈছে৷ ইয়াতেই পৰিয়ালৰ সৈতে মিলিত হোৱাৰ সুযোগ দিয়া হৈছে শিক্ষার্থীসকলক৷

স্মর্তব্য যে জেহাদী সংগঠন বকো হাৰামে নাইজেৰিয়াত পাশ্চাত্য শিক্ষাৰ বিৰোধ কৰি আহিছে৷ ইয়াৰ পূর্বে দেশখনৰ চিব’ক চহৰৰ এখন আৱাসিক বিদ্যালয়ৰ পৰা একেলগে কেইবাশ ছাত্রীক অপহৰণ কৰিছিল কুখ্যাত জেহাদী সংগঠনটোৱে৷ আনকি দীর্ঘদিন ধৰি এই ছাত্রীসকলক জেহাদী সংগঠনটোৱে পণবন্দী কৰি ৰাখি অকথ্য নির্যাতন চলাইছিল৷ এই ঘটনাক কেন্দ্র কৰি বিশ্বজুৰি সৃষ্টি হৈছিল প্রতিক্রিয়া৷ আন্তর্জাতিক মানৱ অধিকাৰ সংগঠনসমূহে বকো হাৰামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবীও জনাইছিল৷

You might also like