উত্তৰ–পূব ছিৰিয়াত এমাহত শতাধিক স্থানত আক্রমণ জেহাদীৰ
নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ ছিৰিয়াত পুনৰ নৃশংস আক্রমণ আৰম্ভ কৰিছে কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেট (আইছিছ)এ৷ শেহতীয়াকৈ প্রতিদিনে দেশখনৰ উত্তৰ–পূব প্রান্তৰ বিভিন্ন চহৰত আক্রমণ চলাবলৈ লৈছে আইছিছে৷ অকল যোৱা মাহটোত শতাধিক স্থানত আইছিছে আক্রমণ সংঘটিত কৰাৰ উপৰি বহু চহৰ আৰু গাঁৱত নিশাৰ ভাগৰ পৰিস্থিতি ভয়াৱহ কৰি তুলিছে৷
বিশেষকৈ মৰুপ্রদেশ হিচাপে পৰিচিত ডিৰ আল–জুৰত আক্রমণৰ জৰিয়তেই সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ইংগিত দিছে জেহাদী সংগঠনটোৱে৷ এক গৱেষণা সংস্থাই দাবী কৰা অনুসৰি প্রতিদিনে শিৰশ্ছেদ, বোমা বিস্ফোৰণ, হত্যা আৰু অপহৰণৰ ঘটনা সংঘটিত কৰিছে জেহাদী সংগঠনটোৱে৷