ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদত ভাৰত
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ বিশ্বৰ সবাতোকৈ শক্তিশালী ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে আনুষ্ঠানিকভাৱে নির্বাচিত হ’ল ভাৰত৷
আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্কস্থিত ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয়ত যোৱানিশা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে ভাৰত নির্বাচিত হয়৷ এই লৈ দেশখনে অষ্টমবাৰলৈ এই সদস্য পদ লাভ কৰিলে৷ সাধাৰণ পৰিষদৰ নির্বাচনত কালি ১৯২টা ভোটৰ ভিতৰত ভাৰতে ১৮৪টা ভোট লাভ কৰি এই অস্থায়ী সদস্য পদত নির্বাচিত হয়৷ পদটোৰ কার্যকাল দুবছৰীয়া৷ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে নির্বাচিত হোৱাৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আন্তর্জাতিক সমুদায়ক গভীৰ কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰে৷
উল্লেখ্য যে কালিৰ নির্বাচনত ভাৰতৰ উপৰি কেনিয়া, আয়াৰলেণ্ড, মেক্সিকো আৰু নৰৱে সাধাৰণ পৰিষদত প্রয়োজনীয় দুই–তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে অস্থায়ী সদস্য হিচাপে নির্বাচিত হয়৷ ক’ভিড–১৯ পৰিস্থিতিৰ বাবে এইবেলি নির্বাচনত আগতীয়াকৈ কূটনীতিকসকলক তেওঁলোকৰ বেলট পেপাৰ দাখিল কৰিবলৈ দিয়া হৈছিল৷ সেইমর্মে বিভিন্ন দেশত কূটনীতিকসকলে বেলট পেপাৰ দাখিল কৰাৰ অন্তত যোৱানিশা নির্বাচন অনুষ্ঠিত হয়৷ তাৎপর্যপূর্ণ যে ২০২১–২২ বর্ষৰ বাবে এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা অস্থায়ী সদস্য পদৰ বাবে একমাত্র প্রার্থী আছিল ভাৰত৷
ইতিমধ্যে ৫৫ দেশীয় এছিয়া–প্রশান্ত মহাসাগৰীয় গোটটোৱে বিগত বর্ষতেই ভাৰতক এই অস্থায়ী সদস্যৰ বাবে অনুমোদন জনাইছিল৷ এই অনুমোদনত পাকিস্তান আৰু চীনৰো সমর্থন আছিল৷ যোৱানিশাৰ নির্বাচন মাথোঁ আনুষ্ঠানিকতাহে আছিল৷ ২০২১–২২ বর্ষৰ বাবে অস্থায়ী সদস্য হিচাপে নির্বাচিত ভাৰত ইয়াৰ পূর্বে ১৯৫০–৫১, ১৯৬৭–৬৮, ১৯৭২–৭৩, ১৯৭৭–৭৮, ১৯৮৪–৮৫, ১৯৯১–৯২তো সদস্য আছিল৷