নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যজনিত কাৰণত পদত্যাগ জাপানৰ প্রধানমন্ত্রী শ্বিনজো আবেৰ

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ স্বাস্থ্যজনিত কাৰণত জাপানৰ ইতিহাসত সর্বাধিক সময় ধৰি শাসনৰ গাদীত অধিষ্ঠিত হৈ থকা প্রধানমন্ত্রী শ্বিনজো আবেই শুকুৰবাৰে আনুষ্ঠানিকভাৱে পদত্যাগ কৰা বুলি ঘোষণা কৰিছে৷

বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি দেশ জাপানৰ প্রধানমন্ত্রী হিচাপে কার্যকাল ২০২১ চনৰ ছেপ্টেম্বৰত সামৰণি পৰিবলগীয়া আছিল যদিও স্বাস্থ্যজনিত কাৰণত প্রধানমন্ত্রী আবেই পদত্যাগ কৰে৷ এক সংবাদ মেলত প্রধানমন্ত্রী আবেই কয়, ‘যদি মই জনতাৰ বাবে শ্রেষ্ঠ সিদ্ধান্ত ল’ব নোৱাৰোঁ গতিকে মই প্রধানমন্ত্রী হৈ থাকিব নোৱাৰোঁ৷ মই পদবীৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছোঁ৷’

উল্লেখ্য যে এসপ্তাহৰ ভিতৰতে প্রধানমন্ত্রী আবেই দুদিন চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰিবলৈ অহাৰ বাতৰিয়ে দেশবাসীৰ মাজত উদ্বেগজনক পৰিৱেশ এটাৰ সৃষ্টি কৰাৰ সময়তে প্রধানমন্ত্রীগৰাকীয়্ এই পদত্যাগৰ সিদ্ধান্ত ৰাজহুৱা কৰিলে৷ শাসকীয় দল লিবাৰেল ডেম’ক্রেটিক পার্টীয়ে দুই–তিনি সপ্তাহৰ ভিতৰত জাপানৰ পৰৱর্তী প্রধানমন্ত্রী সংসদত আনুষ্ঠানিকভাৱে নির্বাচন কৰিব৷ অৱশ্যে এই প্রধানমন্ত্রীগৰাকীয় আবেৰ বাকী ৰোৱা কালছোৱাহে শাসন কৰিব৷

You might also like