কৰাচীৰ ‘হোৱাইট হাউছ’ৰ বাসিন্দা ডাউদ ইব্রাহিম
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: কৰাচীয়েই হ’ল ডাউদ ইব্রাহিমৰ ঠিকনা৷ প্রথমবাৰৰ বাবে পাকিস্তানে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিলে এই ‘অ’পেন–ছিক্রেট’৷ ১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল ষড়যন্ত্রকাৰীজনৰ ঠিকনা হ’ল– ‘হোৱাইট হাউছ, ছৌদি মছজিদৰ সমীপত, ক্লিফটন, কৰাচী৷’ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ অপৰাধীজনক আশ্রয় দিয়াৰ কথা বছৰৰ পিছত বছৰ অস্বীকাৰ কৰি থকাৰ পিছত অৱশেষত বাধ্যত পৰিয়ে পাকিস্তান চৰকাৰে স্বীকাৰ কৰিবলৈ বাধ্য হ’ল যে ডাউদ কৰাচীৰেই বাসিন্দা৷
আমেৰিকাৰ হেঁচাত সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হোৱা ইছলামাবাদে শেহতীয়াকৈ ৮৮টা নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ তালিকা প্রকাশ কৰি তেওঁলোকৰ বিৰুদ্ধে কার্যব্যৱস্থা গ্রহণৰ কথা ঘোষণা কৰিছে৷ পাক কর্তৃপক্ষই দাবী কৰা মতে, হাফিজ ছয়ীদ, মাছুদ আজহাৰৰ দৰে সন্ত্রাসবাদী নেতাৰ লগতে ডাউদ ইব্রাহিমৰ সম্পত্তি আৰু বেংক একাউণ্ট ফ্রীজ কৰা হৈছে৷ স্মর্তব্য যে ২০১৮ চনতে পেৰিছস্থিত ফাইনেন্সিয়েল একচন টাস্ক ফ’র্চে (এফএটিএফ) পাকিস্তানক সন্ত্রাসবাদীক সহযোগৰ অভিযোগত গ্রে’ লিষ্টত তালিকাভুক্ত কৰিছিল৷
সংশোধনৰ সুযোগ দি পাকিস্তানক ২০১৯ চনৰ সমাপ্তিলৈকে সময় দিছিল যদিও পিছত ক’ভিড পৰিস্থিতিৰ বাবে সময়সীমা বৃদ্ধি কৰিছিল৷ অৱশেষত ১৮ আগষ্টত পাকিস্তানে যিসকল সন্ত্রাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে, তেওঁলোকৰ নামৰ তালিকা প্রকাশ কৰে৷ উক্ত তালিকাত ডাউদৰ নামো আছে৷ প্রকাশিত তালিকা মতে কৰাচীত ডাউদৰ আন দুটা প্রাসাদোপম বাসগৃহ আছে– ৩০ ষ্ট্রীট, ডিফেন্স হাউছিং কলনী আৰু নুৰাবাদত৷