প্রতি বছৰে এগৰাকীকৈ কুমাৰী ছোৱালী বিয়া কৰায় এই দেশৰ ৰজাই, জানেনে কিয়?
নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ এয়া কোনো পুৰণি গল্প অথবা ৰজা-মহাৰজাৰ কাহিনী নহয়, বাস্তৱত পোহৰলৈ আহিছে এই আচৰিত ঘটনা। ইতিহাসৰ পাত লুটিয়াই চালে দেখিবলৈ পোৱা যায় যে পূৰ্বৰ ৰজা–মহাৰজাসকলৰ একাধিক পত্নী বা ৰাণী আছিল। কিন্তু এতিয়া? হয়, অবিশ্বাচ্য যেন লাগিলেও এতিয়াও বিশ্বৰ এনে এখন দেশ আছে, য’ত ৰাজতন্ত্র (Monarchy) চলে। আৰু তাৎপর্যপূর্ণভাবে সেই ৰজাই প্রতি বছৰে এগৰাকীকৈ ‘কুমাৰী’ (Virgin) ছোৱালীক বিয়া কৰায়। আনকি এই বিয়াৰ বাবে আয়োজিত হয় কুমাৰী ছোৱালীৰ বিশেষ পেৰেডো।
দক্ষিণ আফ্রিকা আৰু মোজাম্বিকৰ (Mozambique) সীমান্তত অৱস্থিত সৰু এখন দেশ হৈছে ছোৱাজিলেণ্ড (Swaziland)। আৰু সেই দেশতো শাসনভাৰ থাকে ৰজাৰ হাতত। বর্তমান সেই দেশৰ ৰজা কিং এমস্বাতি তৃতীয় (King Mswati III)। বিয়াৰ পূৰ্বে ছোৱালীৰ কুমাৰীত্ব ৰক্ষা কৰিবলৈ আৰু বহু কাৰণত এই নিয়ম আৰম্ভ হৈছিল। বিশেষকৈ ৰজাই নিজৰ পচন্দ অনুসৰি কুমাৰী ছোৱালীক নিৰ্বাচন নকৰালৈকে সেই দেশৰ কোনেও কুমাৰী ছোৱালীৰ প্ৰতি চকু দিয়াৰ সাহসেই কৰিব নোৱাৰে। ১৯৮৬ চনত ১৮ বছৰতে ৰজা হৈছিল তেওঁ। তাৰপাছত প্রতিবছৰেই একোগৰাকীকৈ কুমাৰী ছোৱালীক বিয়া কৰি আহিছে তেওঁ। ইতিমধ্যে জনা গৈছে, ৩০–ৰো অধিক সন্তান আছে ৰজাগৰাকীৰ।
উল্লেখ্য যে বিয়াৰ বাবে কুমাৰী ছোৱালী বাচনি কৰিবলৈ প্ৰতিবছৰে আয়োজিত হয় বর্ণাঢ্য পেৰেডৰ।
Swati men showing honor to the Timbalis #reeddance2017 #iloveswaziland pic.twitter.com/lOtuUxuw2L
— Channel Africa (@channelafrica1) September 4, 2017