নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানৰ আটামী চহৰত ভূমিস্খলনত ২০জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ নেৰানেপেৰা বৰষুণৰ ফলত জাপানৰ আটামী চহৰত ভয়াৱহ ভূমিস্খলন হৈছে৷ এই ভূমিস্খলনৰ ফলত অতি কমেও ২০জন লোকৰ প্রাণহানি হৈছে৷ বন্দৰ চহৰখনত ভূমিস্খলনৰ ফলত কেইবাজনো লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ প্রধানমন্ত্রী যোশীহিদে ছুগাই উদ্ধাৰ অভিযানত আৰক্ষীক সহায় কৰিবলৈ সেনাক নির্দেশ দিছে৷ সেনা–আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীৰ জোৱানে উদ্ধাৰ অভিযান চলাই আছে৷

উল্লেখ্য যে প্রশান্ত মহাসাগৰীয় উপকূলত নেৰানেপেৰাকৈ প্রবল বৰষুণ দিয়াৰ বাবে চহৰসমূহত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইতিমধ্যে প্রশাসনে নাগৰিকসকলক সচেতন হৈ থাকিবলৈ সতর্কবাণী জাৰি কৰিছে৷

You might also like