নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা ড্ৰেগনক কাঁড়েৰে ভেদা ভগৱান শ্ৰীৰামৰ ফটো ভাইৰেল; ছ’চিয়েল মিডিয়াত তোলপাৰ

নিয়মীয়া বাৰ্তা, ২২ জুনঃ লাডাখৰ গলৱান উপত্যকাত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ কেইবাকিলোমিটাৰ ভিতৰলৈ সোমাই আহি ৰক্তক্ষয়ী সংঘর্ষত লিপ্ত হোৱাৰ পাছত এইবাৰ ড্রেগন বাহিনীয়ে পুনৰ লক্ষ্য কৰি লৈছে ছিকিম সীমান্তক৷ চীনৰ সৈন্যবাহিনী পিপল্ছ লিবাৰেচন আর্মীৰ (পি এল এ) ছিকিম সীমান্তত আহ–যাহ তথা আগ্রাসী তৎপৰতা সন্দর্ভত অতি শেহতীয়াকৈ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে চাঞ্চল্যকৰ তথ্য লাভ কৰিছে৷

ভাৰত-চীনৰ সম্পৰ্কক লৈ আলোচনা চলি থকাৰ মাজতে দুয়োখন দেশৰ সৈতে সম্বন্ধ থকা এখন ফটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এই ফটোখনত ভগৱান শ্ৰীৰামে চীনৰ ড্রেগনৰ ওপৰত ধনুৰে কাঁড় মৰাৰ এক দৃশ্য দেখা গৈছে ।

এই ফটোখন প্ৰথমে হংকঙৰ LIHKG ৰ  চাইটে প’ষ্ট কৰিছিল । তাৰ পাছতেই ফটোখন বহুলভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।

 

উল্লেখ্য যে যোৱা সোমবাৰৰ নিশা গলৱান উপত্যকাত ড্রেগন বাহিনীৰ আক্রমণত নিহত হৈছিল ভাৰতীয় সেনাৰ এজন কর্নেলসহ ২০জনকৈ জোৱান৷ ইয়াৰ পাছৰে পৰা লাডাখত উত্তেজনা অব্যাহত আছে৷

ইতিমধ্যে লাডাখ সীমান্তত প্রায় ১০ হাজাৰ অতিৰিক্ত ভাৰতীয় সেনা মোতায়েন কৰা হৈছে৷

You might also like