নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমষ্টাৰডামত মহাত্মা গান্ধীৰ প্রতিমূর্তি লণ্ডভণ্ড

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ নেদাৰলেণ্ডৰ ৰাজধানী আমষ্টাৰডামত দুষ্কৃতিকাৰীয়ে মহাত্মা গান্ধীৰ প্রতিমূর্তি এটা ভাঙি–ছিঙি লণ্ডভণ্ড কৰে৷ এফ্র’ আমেৰিকান জর্জ ফ্লয়েডক আৰক্ষীয়ে হত্যা কৰাৰ প্রতিবাদত আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা সমগ্র বিশ্বলৈ বিয়পি পৰা প্রতিবাদী কার্যসূচীৰ অংশ হিচাপে দেশখনৰ ৰাজধানী চহৰখনত হোৱা প্রতিবাদৰ সময়তে একাংশ লোকে চার্চিলানত থকা মহাত্মা গান্ধীৰ প্রতিমূর্তিটো লণ্ডভণ্ড কৰে৷

 দুষ্কৃতিকাৰীয়ে মূর্তিটোৰ বিভিন্ন অংশত আঘাত কৰাৰ লগতে ৰঙা ৰং ছটিয়াই দিয়ে৷ ৰঙা চিযঁাহী ছটিয়াই দিয়াৰ লগতে প্রতিমূর্তিটোৰ বিভিন্ন অংশত বর্ণবাদ শব্দটিও অংকিত কৰিছিল দুষৃকতিকাৰীয়ে৷ ইতিমধ্যে এই ঘটনাক লৈ স্থানীয় প্রশাসনে গোচৰ ৰুজু কৰিছে৷ এই ঘটনাত জড়িত লোকক গ্রেপ্তাৰ কৰাৰ বাবে অভিযানো আৰম্ভ কৰিছে স্থানীয় আৰক্ষীয়ে৷ তদুপৰি মূর্তিটো পুনৰ পূর্বৰ স্থিতিলৈ ঘূৰাই অনাৰ পদক্ষেপ গ্রহণ কৰিছে৷

   উল্লেখ্য যে নেদাৰলেণ্ডত মহাত্মা গান্ধীৰ প্রতিমূর্তি লণ্ডভণ্ড কৰাৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রতো একেই ঘটনা সংঘটিত হৈছিল৷ অহিংসা আৰু মানৱ অধিকাৰৰ মহানায়ক হিচাপে বিশ্বজুৰি পৰিচিত ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিমূর্তিক অপমান কৰা বিষয়টোত বিশ্বৰ বিভিন্ন দেশে প্রতিক্রিয়া ব্যক্ত কৰিছে৷ উল্লেখ্য যে যোৱা ২৫ মে’ত আমেৰিকাৰ মিনিয়াপ’লিছত আৰক্ষীৰ হাতত ফ্লয়েডৰ মৃত্যু ঘটিছিল৷

You might also like