মহিলা–শিশুৰ বাবে তথ্যচিত্র প্রযোজনাৰ দায়িত্ব মালালাক
নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ পাকিস্তানী অধিকাৰ কর্মী মালালা ইউছুফ জায়ে এপ’ল টিভিৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছে৷ তালিবানৰ আক্রমণৰ পৰা কথমপি প্রাণ ৰক্ষা পোৱা মালালাই পাকিস্তানৰ কিশোৰীসকলৰ শিক্ষাৰ বাবে প্রচাৰ চলাই আহিছে৷ ন’বেল শান্তি বঁটাৰে বিভূষিতা মালালাই এপ’ল টিভিৰ সৈতে কৰা চুক্তি অনুসৰি তৰুণীগৰাকীয়ে মহিলা আৰু শিশুসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি তথ্যচিত্র তথা ধাৰাবাহিক প্রযোজনা কৰিব৷
এপ’ল টিভিয়ে এক বিবৃতিত উল্লেখ কৰিছে যে কেইবাবছৰৰ বাবে কার্যকৰী হৈ থাকিব এই চুক্তি৷ এই চুক্তি কার্যকৰী হৈ থকা সময়ত মালালাই বিশ্বৰ জনসাধাৰণক বিভিন্ন ধৰণে উৎসাহিত কৰিবলৈ প্রচেষ্টা চলাব৷ ২৩ বছৰীয়া মালালাই এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে মহিলা, যুৱক–যুৱতী, লেখক তথা শিল্পীসকলক বিভিন্ন ধৰণে সমর্থন জনোৱাৰ সুযোগ লাভ কৰা বুলি সন্তুষ্টি প্রকাশ কৰিছে৷