নয়দাত ভিছাৰ নিয়ম উলংঘনৰ অভিযোগত পাক মহিলাক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ উত্তৰ প্রদেশৰ নয়দাত ভিছাৰ নিয়ম উলংঘন কৰাৰ অভিযোগত পাকিস্তানী মহিলা এগৰাকীক গ্রেপ্তাৰ কৰিছে৷ নয়দাৰ গৌতম বুদ্ধ নগৰ আৰক্ষী থানাৰ বিষয়াই প্রকাশ কৰা মতে, কৰাচীৰ পৰা অহা ৩৬ বছৰীয়া নৌচিন নাজ নামৰ মহিলাগৰাকীয়ে দিল্লীৰ আজমেৰী গেটৰ বাসভৱনত পতিৰ সৈতে বসবাস কৰি আছে৷ এই দম্পতীটোৱে ২০০৫ চনত বিবাহপাশত আবদ্ধ হৈছিল৷ দীর্ঘম্যাদী ভিছা থকা মহিলাগৰাকীয়ে ভিছাৰ নিয়ম উলংঘন কৰি নয়দাত প্রৱেশ কৰা বাবে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷
দিল্লীৰ পৰা বাছেৰে নয়দাত প্রৱেশ কৰাৰ সময়ত আৰক্ষীয়ে পৰীক্ষা চলোৱাত মহিলাগৰাকীৰ ওপৰত সন্দেহ ওপজে আৰু সোধা–পোছাৰ অন্তত গ্রেপ্তাৰ কৰে৷ বিদেশী আইন ১৯৪৬ৰ ধাৰা ১৪ৰ অধীনত ছেক্টৰ ২০ আৰক্ষী থানাত মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷
লক্ষণীয় যে মহিলাগৰাকীৰ হাতত থকা দীর্ঘম্যাদী ভিছাৰ জৰিয়তে দিল্লীত বসবাস কৰিব পাৰে যদিও দেশৰ আন ঠাইলৈ যাব নোৱাৰে৷ আন ঠাইলৈ যাবলৈ হ’লে অনুমতিৰ প্রয়োজন আছে৷ এই নিয়ম ভংগ কৰা বাবে মহিলাগৰাকীক গ্রেপ্তাৰ কৰা হৈছে৷