নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডাৰ প্রাদেশিক সংসদত অধ্যক্ষৰ দায়িত্বত ভাৰতীয় মূলৰ ৰাজ চৌহান

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ কানাডাৰ ব্রিটিছ কলম্বিয়া প্রদেশৰ সংসদৰ অধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰিছে ভাৰতীয় মূলৰ ৰাজ চৌহানে৷ প্রাদেশিক সংসদত পূর্বে উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল ৰাজ চৌহানে৷ অধ্যক্ষ ডেৰিল প্লেকাছৰ অৱসৰৰ পিছতে ৰাজ চৌহানক ব্রিটিছ কলম্বিয়াৰ প্রাদেশিক সংসদে অধ্যক্ষ হিচাপে নির্বাচিত কৰিছে৷ কানাডিয়ান ব্রডকাষ্টিং কর্প’ৰেচন (চিবিচি)এ কালি এক প্রতিবেদনত এই কথা সদৰী কৰিছে৷

স্মর্তব্য যে ব্রিটিছ কলম্বিয়াৰ সংসদত অধ্যক্ষৰ দায়িত্ব লাভ কৰা ভাৰতীয় মূলৰ প্রথমগৰাকী ৰাজনীতিক হৈছে ৰাজ চৌহান৷ বার্নাবী–এডমণ্ডছ সমষ্টিৰ পৰা পাঁচবাৰকৈ ব্রিটিছ কলম্বিয়া সংসদলৈ নির্বাচিত হৈছে ৰাজ চৌহান৷ পঞ্জাবত জন্মগ্রহণ কৰা চৌহানে ১৯৭৩ চনত কানাডালৈ যাত্রা কৰিছিল৷ দেশখনৰ নাগৰিকত্ব লাভ কৰাৰ পিছতে তেওঁ আৰম্ভ কৰিছিল এখন কৃষিপাম৷ স্মর্তব্য যে প্রব্রজিত লোকসকলৰ সমস্যাক লৈ কানাডাত বিভিন্ন সময়ত মাত মাতি আহিছে চৌহানে৷

You might also like