আইছিছত যোগদান কৰা ব্রিটিছ যুৱতীৰ নাগৰিকত্ব কর্তন
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ২০১৫ চনত দুজনী বান্ধৱীৰ সৈতে ছিৰিয়ালৈ গৈ আইছিছত যোগদান কৰা ব্রিটিছ যুৱতী ছামিমা বেগমক পুনৰ ব্রিটেইনলৈ উভতি আহিব নিদিয়ে দেশখনৰ আদালতে৷ ব্রিটেইনৰ শীর্ষ আদালতে ছামিমাৰ নাগৰিকত্ব বাতিল কৰাৰ নির্দেশ দিছে৷
স্মর্তব্য যে ব্রিটেইনৰ পৰা তুৰস্ক হৈ ছিৰিয়াত প্রৱেশ কৰিছিল ছামিমাই৷ সেই সময়ত ছামিমাৰ বয়স আছিল ১৫ বছৰ৷ ব্রিটিছ চৰকাৰে নিৰাপত্তাজনিত কাৰণত ছামিমাক পুনৰ দেশলৈ উভতি অহাৰ অনুমতি প্রদান কৰিবলৈ অস্বীকাৰ কৰিছে৷ এই বিষয়টোক ব্রিটিছ শীর্ষ আদালতত প্রত্যাহ্বান জনোৱা হৈছিল যদিও আজি আদালতে ছামিমাৰ নাগৰিকত্ব কর্তন কৰাৰ নির্দেশনা জাৰি কৰিছে৷ বর্তমান ছিৰিয়াৰ এক বন্দীগৃহত আছে ২১ বছৰীয়া ছামিমা৷