নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভাৰত–পাকৰ সিন্ধু জল আয়োগৰ আলোচনা

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ প্রায় আঢ়ৈ বছৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব সিন্ধু আয়োগৰ আলোচনা৷ এক স্থায়ী সিন্ধু আয়োগৰ আলোচনাৰ বাবে ইতিমধ্যে পাকিস্তানৰ সিন্ধু জল আয়ুক্ত মেহেৰ আলী শ্বাহৰ নেতৃত্বত এক প্রতিনিধি দল আহি ভাৰতত উপস্থিত হৈছে৷

ইফালে, ভাৰতীয় দলটোক এই আলোচনাত নেতৃত্ব প্রদান কৰিব ভাৰতৰ সিন্ধু জল আয়ুক্ত প্রদীপ কুমাৰ ছাক্সেনাই৷   ৱাগাহ সীমান্তৰে আহি পাকিস্তানী বিষয়ববীয়াৰ দলটোৱে নতুন দিল্লীত উপস্থিত হৈছে৷

স্মর্তব্য যে ২০১৯ত পুলৱামাত হোৱা সন্ত্রাসবাদী আক্রমণৰ পিছৰে পৰা ভাৰত–পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক সম্পর্কৰ চূড়ান্ত অৱনতি ঘটে৷ অৱশ্যে সম্পর্কৰ অৱনতি সত্ত্বেও শেহতীয়াকৈ উভয় দেশে স্থায়ী সিন্ধু আয়োগৰ বাবে আলোচনাত মিলিত হোৱাৰ ক্ষেত্রত সহমত পোষণ কৰিছে৷ ২০১৮ৰ আগষ্ট মাহত লাহোৰত স্থায়ী সিন্ধু আয়োগৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল৷ যোৱা মাহত ভাৰত আৰু পাকিস্তানৰ সেনাই জম্মু–কাশ্মীৰত নিয়ন্ত্রণ ৰেখাত ২০০৩ চনৰ যুদ্ধবিৰতি কঠোৰভাৱে পালন কৰাৰ সহমত পোষণ কৰাৰ পিছতে উভয় দেশৰ দ্বিপাক্ষিক সম্পর্কলৈ কিছু আশা ঘূৰি আহিছে৷

লক্ষণীয়ভাৱে দুয়োখন দেশৰ সেনাই যুদ্ধবিৰতি কঠোৰভাৱে পালন কৰিব বুলি প্রতিশ্রুতি দিয়াৰ পিছত নিয়ন্ত্রণ ৰেখাত পৰিস্থিতি সুস্থিৰ হৈ আছে৷ যদি নিয়ন্ত্রণ ৰেখাৰ পৰিস্থিতি সুস্থিৰ হৈ থাকে, তেন্তে প্রতিৱেশী দেশ দুখনৰ মাজত বিভিন্ন বিষয় লৈ অনাগত দিনত আলোচনা অনুষ্ঠিত কৰাৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে বুলি ৰাজনৈতিক পর্যালোচকসকলে মন্তব্য কৰিছে৷

You might also like