নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–শ্রীলংকাত বৌদ্ধ সংস্কৃতি প্রসাৰৰ বাবে ১৫ নিযুত মার্কিন ডলাৰ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ দ্বীপৰাষ্ট্র শ্রীলংকাৰ ৰাষ্ট্রপতি মহিন্দ্রা ৰাজাপাকছাৰ সৈতে আজি দ্বিপাক্ষিক বৈঠকত মিলিত হয় ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ দুয়ো দেশৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰেই বিভিন্ন বিষয়ক লৈ এই বৈঠকত মুৰব্বী দুগৰাকীয়ে আলোচনা কৰে৷ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ বাবে ভার্চুৱেলযোগে দুয়ো দেশৰ মুৰব্বী দুগৰাকীয়ে আলোচনাত মিলিত হৈ পৰৱর্তী সময়ত সম্পর্ক অধিক শক্তিশালীকৰণৰ লক্ষ্যৰে কেইবাটাও সিদ্ধান্তত সহমত প্রকাশ কৰে৷ ভার্চুৱেল দ্বিপাক্ষিক বৈঠক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়েকয় যে ৰাজাপাকছা চৰকাৰৰ নীতিৰ দ্বাৰা দুয়ো দেশৰ সমন্বয় অধিক শক্তিশালী হ’ব৷ শাসকীয় দলটোৰ অর্থাৎ ৰাজাপাকছাৰ বিশাল জয়ৰ পাছত ভাৰত–শ্রীলংকাৰ সম্পর্কত নতুন অধ্যায় আৰম্ভ হৈছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ দুয়ো দেশৰ জনতাই নতুন আশা আৰু আকাংক্ষাৰে বাট চাই আছে বুলিও কয় প্রধানমন্ত্রীগৰাকীয়৷

ইপিনে, এই দ্বিপাক্ষিক বৈঠকৰ সময়তে দুয়ো দেশৰ মাজত বৌদ্ধ সংস্কৃতি প্রসাৰৰ বাবে ভাৰতে অতিৰিক্তকৈ ১৫ নিযুত মার্কিন ডলাৰ ঘোষণা কৰে৷ এই ধনেৰে বৌদ্ধ মঠসমূহ পুনৰ নির্মাণ কৰাৰ লগতে দুয়ো দেশৰ মাজত সংস্কৃতি বিনিময় হ’ব৷ এই আলোচনাত শ্রীলংকা চৰকাৰৰ দ্বাৰা অনুৰোধ জনোৱা ১.১ বিলিয়ন মার্কিন ডলাৰ ঋণৰ ওপৰতো আলোচনা হয়৷

You might also like