পঞ্জশীৰ দখলৰ দাবী তালিবানৰ
নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ সহস্রাধিক সদস্যৰ প্রাণ হেৰুৱাই অৱশেষত তালিবানে আফগানিস্তানৰ পঞ্জশীৰ প্রদেশ নিজৰ হাতলৈ আনিবলৈ সক্ষম হয়৷ যোৱা ১৫ আগষ্টত ৰাজধানী কাবুলকে ধৰি ৩৪খন প্রদেশৰ ৩৩খন নিজৰ হাতলৈ আনিলেও পঞ্জীশৰ দখল কৰিব পৰা নাছিল তালিবানে৷ সন্ত্রাসবাদী সংগঠন তালিবানৰ বাবে সন্মানৰ প্রশ্ন হৈ উঠা পঞ্জশীৰ প্রদেশ দখল কৰিবলৈ বিগত সপ্তাহ ধৰি প্রদেশখনৰ প্রতিৰোধী বাহিনী নেচনেল ৰেজিষ্টেন্স ফ্রণ্টৰ সৈতে যুঁজত লিপ্ত হৈ আছে৷ কাহানিও তালিবানৰ অধীন নোহোৱা পঞ্জশীৰ প্রদেশত আহমাদ মাছুদ আৰু প্রাক্তন উপ–ৰাষ্ট্রপতি আমৰুল্লাহ চালেহৰ নেতৃত্বত নেচনেল ৰেজিষ্টেন্স ফ্রণ্টে তালিবানক তীব্র প্রত্যাহ্বান জনাই থকাৰ অন্তত আজি তালিবানে ফ্রণ্টক পৰাভূত কৰি পঞ্জশীৰ দখলৰ দাবী কৰে৷
তালিবানৰ মুখপাত্র হাজিবুল্লাহ মুজাহিদে সংবাদ মেলযোগে পঞ্জশীৰ নিজৰ হাতলৈ অনা বুলি দাবী কৰে৷ তালিবানে পঞ্জশীৰৰ গৱর্নৰৰ কার্যালয়ত তালিবানৰ পতাকা উৰুওৱাৰ লগতে সংগঠনটোৰ সদস্যৰ আলোকচিত্র টুইটাৰযোগে প্রকাশ কৰে৷ বিগত কেইবাদিনো ধৰি পঞ্জশীৰত তালিবানে চলোৱা আক্রমণত নেচনেল ৰেজিষ্টেন্স ফ্রণ্টৰ কেইবাগৰাকীও নেতা নিহত হৈছ অৱশ্যে এই যুদ্ধত সহস্রাধিক তালিবানী সন্ত্রাসবাদী নিহত হৈছে৷ পঞ্জশীৰ প্রদেশ তালিবানে দখল কৰা বুলি দাবী কৰিলেও নেচনেল ৰেজিষ্টেন্স ফ্রণ্টে এই বাতৰি অস্বীকাৰ কৰি এতিয়াও প্রদেশখনত তালিবানক প্রত্যাহ্বান জনাই আছে বুলি দাবী কৰিছে আহমাদ মাছুদে৷ জীৱন থকালৈকে পঞ্জশীৰ এৰি নিদিওঁ বুলি দাবী কৰি মাছুদে কয় যে পাকিস্তানী সেনাৰ বিমানৰ জৰিয়তে তালিবানে পঞ্জশীৰ দখলৰ বাবে যুদ্ধ কৰি আছে৷