নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবান চৰকাৰৰ শপতগ্রহণ বাতিল

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ পাশ্চাত্য দেশৰ হেঁচাত সেও মানি আফগানিস্তানৰ নতুন অন্তর্ৱর্তীকালীন চৰকাৰৰ শপতগ্রহণ কার্যসূচী বাতিল কৰিলে তালিবানে৷ নিষিদ্ধ সংগঠন তালিবানে আফগানিস্তান দখল কৰা এপষেক পিছত অন্তর্ৱর্তীকালীন চৰকাৰ ঘোষণা কৰি ১১ ছেপ্টেম্বৰৰ দিনা তালিবানে চৰকাৰৰ শপতগ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্রত জেহাদী সংগঠন আয়–কায়দাই ভয়াৱহ আক্রমণেৰে ধ্বংসলীলা চলোৱাৰ দিনাই তালিবান চৰকাৰৰ শপতগ্রহণ কার্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্রত পাশ্চাত্য দেশসমূহে তালিবানৰ সমর্থনকাৰী দেশসমূহৰ ওপৰত হেঁচা প্রয়োগ কৰে৷

আমেৰিকা যুক্তৰাষ্ট্র আৰু নাটোৰ দেশসমূহৰ হেঁচাত সেও মানি আজি নির্ধাৰিত কৰা শপতগ্রহণ অনুষ্ঠান বাতিল কৰে তালিবানে৷

উল্লেখ্য যে শপতগ্রহণ কার্যসূচীত ৰাছিয়া, ইৰান, চীন, কাটাৰ আৰু পাকিস্তানক নিমন্ত্রণ জনাইছিল৷ ৰাছিয়াই এই কার্যসূচীত অংশগ্রহণ নকৰোঁ বুলি স্পষ্ট কৰি দিয়ে৷ মন কৰিবলগীয়া যে কাটাৰত আমেৰিকা যুক্তৰাষ্ট্র আৰু তালিবান নেতৃত্বৰ মাজত শান্তি আলোচনাৰ পিছতেই চুক্তি অনুসৰি তালিবানে আফগানিস্তান দখল কৰিবলৈ সক্ষম হয়৷

কাটাৰৰ সহযোগত তালিবানে বিশ্ব সমুদায়ৰ সমর্থন লাভ কৰিবলৈ চেষ্টা চলাই আছে যদিও কাটাৰে প্রত্যক্ষভাৱে এইক্ষেত্রত সহযোগ কৰা নাই৷ আমেৰিকা যুক্তৰাষ্ট্রই কাটাৰক তালিবানৰ শপতগ্রহণ অনুষ্ঠান আদিৰ দিনটোত নকৰিবলৈ হেঁচা প্রয়োগ কৰে৷

You might also like